உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • ড্ৰাগছ আৰু নাৰী দেহ ব্যৱসায় একেলগে, পূৰ্বে দুবাৰ গ্ৰেপ্তাৰ হৈছিল এইগৰাকী মহিলা

    ড্ৰাগছ আৰু নাৰী দেহ ব্যৱসায় একেলগে, পূৰ্বে দুবাৰ গ্ৰেপ্তাৰ হৈছিল এইগৰাকী মহিলা

    আৰক্ষীয়ে মহিলাগৰাকীৰ ঘৰৰ পৰা হেৰ'ইনো জব্দ কৰে।

    আৰক্ষীয়ে মহিলাগৰাকীৰ ঘৰৰ পৰা হেৰ'ইনো জব্দ কৰে।

    আৰক্ষীয়ে মহিলাগৰাকীৰ ঘৰৰ পৰা হেৰ'ইনো জব্দ কৰে।

    • Share this:

    নগাঁও চহৰৰ মাজমজিয়াত চলি আছে নাৰীদেহৰ ৰমৰমীয়া বেহা। গ্ৰাহকক আকৰ্ষিত কৰিবলৈ নাৰীদেহ ব্যৱসায়ী চক্ৰই ব্যৱহাৰ কৰিছে সামাজিক মাধ্যমক। আজি নগাঁও সদৰ আৰক্ষীৰ উপ-পৰিদৰ্শক অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত চলা এক অভিযানত পোহৰলৈ আহিছে এই তথ্য।


    নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱত সীমা নামৰ এগৰাকী মহিলাই দীৰ্ঘদিনে ড্ৰাগছ আৰু নাৰীদেহৰ ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰি আৰক্ষীয়ে এক অভিযান চলায়। অভিযানত সীমা  নামৰ মহিলাগৰাকীৰ লগতে দেহ ব্যৱসায়ত জড়িত ২গৰাকী যুৱতীক আৰু জাকিৰ হুছেইন নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।


    আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা ৫০গ্ৰাম হেৰ'ইনো জব্দ কৰে। উল্লেখযোগ্য যে সীমাই ফেচবুকৰ মাধ্যমৰে বহু যুৱকৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰি তেঁওলোকলৈ সুন্দৰী যুৱতীৰ নগ্ন ফটো প্ৰেৰণ কৰি সহজে এই কুকাৰ্যৰ প্ৰতি যুৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ অভিযোগ উঠিছে।


    আনহাতে, নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অপৰাধত ইয়াৰ পূৰ্বেও সীমাক নগাঁও আৰক্ষীয়ে দুবাৰ গ্ৰেপ্তাৰ কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে সীমাৰ লগতে চামগুৰিৰ জাকিৰ হুছেইন নামৰ যুৱকজনকো সোধা-পোছা অব্যাহত ৰাখিছে।

    Published by:Gautam Barman
    First published: