মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Sex Racket Busted: ডিব্ৰুগড়ৰ তিনি ঠাইত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত, মাতৃ–পুত্ৰসহ গ্ৰেপ্তাৰ ৪

Sex Racket Busted: ডিব্ৰুগড়ৰ তিনি ঠাইত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত, মাতৃ–পুত্ৰসহ গ্ৰেপ্তাৰ ৪

News18 Assam | News18-Assam
Updated:October 10, 2021, 9:07 PM IST
Sex Racket Busted: ডিব্ৰুগড়ৰ তিনি ঠাইত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত, মাতৃ–পুত্ৰসহ গ্ৰেপ্তাৰ ৪
ভিন্ন প্ৰলোভনেৰে দেহ ব্যৱসায়ী চক্ৰই জালত পেলাই কলেজৰ ছাত্ৰী

ভিন্ন প্ৰলোভনেৰে দেহ ব্যৱসায়ী চক্ৰই জালত পেলাই কলেজৰ ছাত্ৰী

  • Share this:

দেহ ব্যৱসায়ে ছানি ধৰিছে ৰাজ্য। কেই সপ্তাহমান আগেয়ে নগাঁৱৰ পৰা এনে ঘাটি উৎখাত কৰাৰ পিছত ডিব্ৰুগড়তো দেহ ব্যৱসায়ৰ তিনিটা ঘাটি উৎখাত কৰে আৰক্ষীয়ে।


এই সংক্ৰান্তত ৩জন লোক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় চহৰৰ গান্ধীনগৰ, আলোকপথ আৰু নালিয়াপুৰত আৰক্ষীয়ে পৃথকে অভিযান চলায় এই ঘাটি উৎখাত কৰে। এই অভিযানত মাতৃ–পুত্ৰৰ লগতে আন দুই যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।


আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে বাবু আলী, হেমন্ত গগৈ আৰু নাজিম আহমেদৰ লগতে ফৰিদা বেগম। ইয়াৰে ফৰিদা বেগম নাজিম আহমেদৰ মাতৃ। তিনি স্থানৰ পৰা আৰক্ষীয়ে কেইবাগৰাকীও যুৱতী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।



ডিব্ৰুগড় আৰক্ষী অধীক্ষকে উল্লেখ কৰা মতে, এই চক্ৰটোৱে বহু বছৰ ধৰি ভাৰাঘৰত দেহ ব্যৱসায় চলাই আহিছিল। এই ক্ষেত্ৰত মহাবিদ্যালয়ৰ ছাত্ৰীক লক্ষ্য কৰা হৈছিল বুলি জানিবলৈ দিয়ে তেওঁ। উল্লেখ্য, চহৰখনত এনে দেহ ব্যৱসায়ী চক্ৰ আৰু আছে বুলি প্ৰকাশ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে তদন্ত চলাই থকা হ'ব বুলি জানিবলৈ দিছে।

Published by: Gautam Barman
First published: October 10, 2021, 9:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি