নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি চলোৱা অভিযানত নগাঁও চহৰৰ মাজমজিয়াত উৎখাত হয় এটা দেহ ব্যৱসায়ীৰ ঘাটি। নগাঁও চহৰৰ লক্ষীনগৰৰ ব্যৱসায়িক এলেকাৰ শইকীয়া উপাধিৰ এগৰাকী ব্যক্তিৰ ভাড়াঘৰত চলি থকা এই দেহ ব্যৱসায়ীৰ ঘাটিত অভিযান চলাই নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৬গৰাকী মহিলা।
তাৎপৰ্য্যপূৰ্ণভাৱে, আৰক্ষীয়ে এটি শিশুকো এই চক্ৰটিৰ পৰা উদ্ধাৰ কৰিছে। জানিব পৰা মতে, এটি গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা আৰু সদৰ আৰক্ষীৰ উপ-পৰিদৰ্শক অঞ্জুশ্ৰী শইকীয়াই চহৰখনৰ কাৰেং ইলেকট্ৰনিকচৰ সমীপৰ এটি ঘৰত অভিযান চলাই ৬গৰাকী মহিলা আৰু দুজন যুৱককো আটক কৰে। আৰক্ষীয়ে ঘৰটোৰ গৰাকী মুৰুলী শইকীয়াৰ লগতে তেওঁৰ পুত্ৰ মৃদুপৱন শইকীয়াকো আটক কৰে।
উল্লেখ্য যে তেওঁৰ পুত্ৰ সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও আঞ্চলিকৰ সহকাৰী সাধাৰণ সম্পাদক। অৱশ্যে ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ নেতৃত্বই তেওঁক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বুলিও ঘোষণা কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, দেহ ব্যৱসায়ৰ অভিযোগত হোজাই আছুৰ এজন নেতাৰ নামো সাঙোৰ খাই পৰিছিল। নগাঁও আৰক্ষীয়ে আটক কৰা আনকেইজন লোক হৈছে ৰূপহীৰ আৰমান হুছেইন আৰু আছাদুল ইছলাম । ইতিমধ্যে, নগাঁও আৰক্ষীয়ে আটকাধীন লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চহৰখনৰ আন প্ৰান্ততো অভিযান অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|