• Home
  • »
  • News
  • »
  • crime
  • »
  • Clash for Land : হোজাইত ভয়ংকৰ ভূমি কেন্দ্ৰিক সংঘাত। হাতে হাতে লাঠি লৈ তুমুল সংঘৰ্ষ, আৰক্ষীৰ লাঠিচাৰ্জ ।

Clash for Land : হোজাইত ভয়ংকৰ ভূমি কেন্দ্ৰিক সংঘাত। হাতে হাতে লাঠি লৈ তুমুল সংঘৰ্ষ, আৰক্ষীৰ লাঠিচাৰ্জ ।

দুয়ো পক্ষৰ প্ৰায় দুই শতাধিক লোক উলাই আহি পথাৰৰ মাজত লিপ্ত হয় এই ভয়ংকৰ মাৰপিটত৷ পুৰুষ-মহিলাই হাতে হাতে লাঠি বাঁহ লৈ প্ৰতিপক্ষক আক্ৰমণ কৰা পৰিলক্ষিত হয়।

দুয়ো পক্ষৰ প্ৰায় দুই শতাধিক লোক উলাই আহি পথাৰৰ মাজত লিপ্ত হয় এই ভয়ংকৰ মাৰপিটত৷ পুৰুষ-মহিলাই হাতে হাতে লাঠি বাঁহ লৈ প্ৰতিপক্ষক আক্ৰমণ কৰা পৰিলক্ষিত হয়।

দুয়ো পক্ষৰ প্ৰায় দুই শতাধিক লোক উলাই আহি পথাৰৰ মাজত লিপ্ত হয় এই ভয়ংকৰ মাৰপিটত৷ পুৰুষ-মহিলাই হাতে হাতে লাঠি বাঁহ লৈ প্ৰতিপক্ষক আক্ৰমণ কৰা পৰিলক্ষিত হয়।

  • Share this:
হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কপাঁহবাৰী গাঁও পঞ্চায়তৰ তাৰাপুৰ গাঁৱত এডোখৰ ভূমিক কেন্দ্ৰ কৰি আজি বিয়লিৰ ভাগত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত ভূমিকেন্দ্ৰিক বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে  লাঠীচালনা কৰিবলৈ বাধ্য হৈ পৰে। আনকি আৰক্ষীৰ সৈতেও উত্তেজিত লোকে খণ্ড যুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হয় ৷

দুয়ো পক্ষৰ মাজত ভয়ংকৰ মাৰপিটত আহত হৈছে কেইবাজনো লোক ৷ পথৰ মাজতে মুৰ্ছা যায় এগৰাকী মহিলা ৷ দুয়ো পক্ষৰ প্ৰায় দুই শতাধিক লোক উলাই আহি পথাৰৰ মাজত লিপ্ত হয় এই ভয়ংকৰ মাৰপিটত৷ পুৰুষ-মহিলাই হাতে হাতে লাঠি বাঁহ লৈ প্ৰতিপক্ষক আক্ৰমণ কৰা পৰিলক্ষিত হয়।  আনকি অৰ্ধসামৰিক বাহিনীৰ জোৱানকো আক্ৰমণ কৰিবলৈ উদ্যত হয় এটা পক্ষৰ লোকে৷

উল্লেখ্য যে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত কপাহবাৰী কিছামতৰ পট্টা নং 56/46 আৰু 75ৰ প্ৰায় ২০ বিঘা মাটিৰ দখলী স্বত্বক লৈ স্থানীয় মিনাজ উদ্দিন আৰু মহাব্বত আলীৰ মাজত দীৰ্ঘদিনৰ পৰা আদালতত গোচৰ চলি আছিল৷  প্ৰায়েই দুয়ো পক্ষৰ মাজত সংঘাত চলি আহিছিল আৰু কাজিয়া আদালতৰ মজিয়া পাইছিলগৈ।

হোজাই শংকৰদেৱনগৰ আদালতে যোৱাকালি MR CASE NO 193/20 নং গোচৰৰ ৰায় প্ৰদান কৰি উক্ত মাটিখিনি মিনাজ উদ্দিনক খেতি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে খেতি কৰাৰ সময়ত মোৰাঝাৰ আৰক্ষীক সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে৷ আজি মিনাজ উদ্দিনে মোৰাঝাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত পথাৰত উপস্থিত হয় আৰু ট্ৰেক্টৰেৰে পথাৰত হাল মাৰিবলৈ নামোতেই আনটো পক্ষই বাধা প্ৰদান কৰি পৰিবেশ উত্তাল কৰি তোলে ৷

ইফালে আৰক্ষী আৰু মিনাজ উদ্দিনে মণ্ডল নোহোৱাকৈ আদালতৰ নিৰ্দেশ অমান্য কৰি নিৰ্দেশতকৈ বেছি মাটি নিজৰ কব্জাত লৈ যোৱা বুলি আনটো পক্ষই অভিযোগ উত্থাপন কৰিছে৷ বৰ্তমানেও অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ৷
Published by:Manjumoni Borah
First published: