নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰে (Nagaon Encounter) সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিৰোধী দল সমূহৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন তথা সচেতন লোকেও মুকলিকৈ এই এনকাউণ্টাৰৰ বিৰোধিতা কৰিছে আৰু গৰিহণা দিছে। সমলোচনাৰে থকা-সৰকা কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Nagaon SP Anand Mishra)কো। কিন্তু প্ৰশ্ন হৈছে কিয় আৰু কেনেকৈ সংঘটিত হৈছিল এই এনকাউণ্টাৰ, জানক এনকাউণ্টাৰৰ আৰম্ভণিৰ পৰা এতিয়ালৈ সকলো ঘটনাৰ A to Z.
শনিবাৰে নগাঁও আৰক্ষী (Nagaon Police)ৰ এণ্টি নাৰ্ক'টিক স্কোৱাডৰ গুলীত আহত হয় প্ৰক্তন আছু নেতা কীৰ্তি কমল বৰা। আৰক্ষীৰ দাবী কৰ্তব্যৰত আৰক্ষী জোৱানক আক্ৰমণ কৰিছিল কীৰ্তি কমল বৰাই। নগাঁলৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয়, "কীৰ্তিকমল বৰাই আক্ৰমণ কৰিছিল আৰক্ষীক। সেয়ে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে তেঁওক গুলীয়াইছিল। কীৰ্তিকমলৰ আক্ৰমণত আহত হৈছে আৰক্ষী জোৱানো।" এই মন্তব্য কৰি নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ঘটনাৰ উচিত তদন্ত কৰাৰো আশ্বাস দিয়ে।
আৰক্ষীৰ বক্তব্যৰ বিপৰীতে কীৰ্তি কমলৰ পৰিয়ালৰ অভিযোগ আৰক্ষীয়ে পৰিকল্পিতভাৱে কীৰ্তিলৈ গুলীচালনা কৰিছিল।
জানিব পৰা মতে এজন যুৱকক আটক কৰি ৰাজপথত সোধা-পোছা কৰি থাকোতেই যুৱকজনক আটক কৰাৰ বিৰোধিতা কৰি কীৰ্তি কমল বৰাই আৰক্ষীৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হৈছিল। পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰাত আৰক্ষীয়ে কীৰ্তিৰ ভৰিলৈ লক্ষ্য কৰি গুলীয়ায়। আৰক্ষীৰ অভিযোগ কীৰ্তিয়ে আৰক্ষীক আক্ৰমণ কৰিছিল।
ইপিনে ভৰিত গুলী লগা প্ৰাক্তন ছাত্ৰ নেতাজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। কিন্তু GMCHত কীৰ্তি কমল বৰুৱাক কোভিড পজিটিভ (Covid19 Positive) পোৱা হয়। বৰ্তমান তেওঁ কোভিড ৱাৰ্ডত ৰখা হৈছে । তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও ভৰিত গুলী লগাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে বুলি জনাইছে চিকিৎসকে।
ইপিনে এই এনকাউণ্টাৰৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দলে এনকাউণ্টাৰৰ তীব্ৰ প্ৰতিবাদ কৰে। লুৰিণ জ্যোতি গগৈ, অখিল গগৈয়ে এই কাণ্ডক মুক্তহত্যাৰ সৈতে তুলনা কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বনৰ দাবী জনায়। সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই আৰক্ষীৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ নেতৃত্বত মুক্ত হত্যা আৰম্ভ হৈছে বুলি অভিযোগ কৰে।
উল্লেখ্য যে ঘটনাক লৈ এনকাউণ্টাৰৰ ঘটনাত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে এছপি আনন্দ মিশ্ৰই। প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল'জৰ নিৰ্দেশ নগাঁও আৰক্ষী অধীক্ষকজনৰ।
ইপিনে ঘটনাৰ বুজ ল'বলৈ বিয়লি নগাঁৱত উপস্থিত হ'ব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃঙ্খলা) জি পি সিং।
Published by: Manjumoni Borah
FIRST PUBLISHED : January 23, 2022, 14:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।