বঢ়মপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। বঢ়মপুৰৰ মাজপুটনিত সংঘটিত হয় এই হত্যাকাণ্ড।
এগৰাকী বিশেষভাবে সক্ষম ৪৫ বছৰীয়া অবিবাহিত মহিলাক ডিঙি কাটি হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই।
মঙলবাৰে নিশা এই হত্যাকাণ্ড কৰাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে চাঞ্চল্যই বিৰাজ কৰে অঞ্চলটোত। আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে (Murder Case in Nagaon)।
জানিব পৰা মতে, হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম বিজু বৰা। বিগত বহু দিনৰ পৰাই বিশেষভাবে সক্ষম মহিলাগৰাকী অকলশৰে বাস কৰি আহিছিল নিজ গৃহটোত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|