এখন গাড়ী মেৰামতিক কেন্দ্ৰ কৰি দুই ফৈদৰ তয়াময়া ৰণ হাইলাকান্দিত । গ্ৰাহক আৰু গাড়ীৰ মালিকৰ খণ্ডযুদ্ধত ৰণক্ষেত্ৰত পৰিণত হাইলাকান্দিৰ টাটা মটৰৰ্ছৰ শ্ব'ৰূম (TATA MOTORS SHOWROOM) । গ্ৰাহকক প্ৰহাৰ কৰাৰ অভিযোগত আটক টাটা মটৰৰ্ছৰ চাৰি কৰ্মচাৰী ।
জিলাখনৰ ভিচিংচা এলেকাত থকা সুৰানা মটৰৰ্ছ নামৰ টাটা মটৰৰ্চৰ শ্ব'ৰূমত আজি বিয়লি সৃষ্টি হয় এক অৰাজক পৰিস্থিতিৰ । গ্ৰাহক আৰু শ্ব'ৰূমৰ কৰ্মচাৰীৰ কাজিয়াত কাৰ্যত ৰণক্ষেত্ৰত পৰিণত হয় শ্ব'ৰূম চৌহদ । প্ৰায় ১ ঘণ্টা সময় দুই ফৈদৰ মাজতে চলে এই খণ্ডযুদ্ধ । অবশেষত আৰক্ষী ঘটনাস্থলিত উপস্থিত হোৱাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।
প্ৰায় ৫ মাহ আগত দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা AS-11-DC-8412 নম্বৰৰ এখন টাটা ডিআই ট্ৰাক (Tata DI Truck) মেৰামতিৰ বাবে শ্ব'ৰূমত দিছিল গ্ৰাহক মুৰ্ছিদা বেগম লস্কৰে । কিন্তু যোৱা ৫ মাহ ধৰি গাড়ীখন মেৰামতি নকৰি পেলই থৈছে শ্ব'ৰূমত । এই অভিযোগ গাড়ীৰ গৰাকী মুৰ্ছিদা বেগমৰ । কিন্তু আজি যেতিয়া গাড়ীখন লৈ যোৱাৰ বাবে তেওঁ শ্ব'ৰূমলৈ আহে তেতিয়া শ্ব'ৰূমৰ কৰ্মচাৰীসকলে তেওঁলোকক আক্ৰমণ কৰে বুলি অভিযোগ কৰিছে মুৰ্ছিদা বেগম লস্কৰে ।
আনফালে শ্ব'ৰূম কৰ্তৃপক্ষয় গাড়ীৰ নথি-পত্ৰ ঠিক নথকাৰ বাবে মেৰামতি হোৱা নাই বুলি উল্লেখ কৰিছে । লগতে গাড়ীৰ গৰাকী মুৰ্ছিদা বেগম আৰু তেওঁৰ সংগীসকলে শ্ব'ৰূমত উদ্ভণ্ডালি চলোৱাৰ অভিযোগ কৰিছে ।
গ্ৰাহক আৰু শ্ব'ৰূম কৰ্তৃপক্ষৰ এই কাজিয়াত আঘাতপ্ৰাপ্ত হৈছে ৪ জন লোক । আহতসকলক ইতিমধ্যে হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক হাস্পতালত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে । লগতে ঘটনাৰ লগত জৰিত থকাৰ সন্দেহত আৰক্ষীয়ে শ্ব'ৰূমৰ চাৰি কৰ্মচাৰীক আটক কৰিছে ।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 19, 2021, 19:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।