উল্লেখযোগ্য যে, চম্পক গগৈ আৰু বেনুধৰ গগৈৰ পৰা আৰক্ষীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে । এই ড্ৰাগছ ব্যৱসায়ৰ লগত এক বৃহত চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ তাৎপর্যপূর্ণ কথা এই যে সৰুপথাৰৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাতে চুবুৰীয়া নাগালেণ্ডৰ ডিমাপুৰৰ এক শক্তিশালী চক্ৰই এই ড্ৰাগছৰ বজাৰখন নিয়ন্ত্ৰণ কৰি আহিছে। তদুপৰি চেইন মাৰ্কেটং ছিষ্টেমত চলে এই ড্ৰাগছৰ ব্যৱসায়। প্ৰথমে ড্ৰাগছ আসক্ত যুৱকসকলকেই পিছলৈ ড্ৰাগছ সৰবৰাহত জড়িত কৰে এই চক্ৰটোৱে। প্ৰথমে ড্ৰাগছ আসক্ত যুৱকসকল লাহে লাহে এই ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰে আৰু নিজ নিজ অঞ্চলত ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰে। তদুপৰি তেওঁলোকে নিজৰ অঞ্চলৰ বহু যুৱক-যুৱতীক এই মাৰাত্মক ড্ৰাগছৰ আসক্তিৰ মাজলৈ ঠেলি দিয়ে। সেয়েহে অতি দ্ৰুত গতিত বৃদ্ধি পাইছে এই ড্ৰাগছৰ ব্যৱসায়। যদি আৰক্ষী প্ৰশাসনে এই ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰিবলৈ সক্ষম নহয়, তেনেহলে অনাগত দিনত এই ড্ৰাগছৰ গ্ৰাসত পৰি বহু যুৱক-যুৱতী ধ্বংস হ'ব বুলি আশংকা কৰিছে ৰাইজে।