সৰুপথাৰত আৰক্ষীৰ বৃহৎ সফলতা। জালত পৰিছে বাৰ্মিজ চুপাৰি (Burmese Supari) ভৰ্তি দুখনকৈ ট্ৰাক। নিশা সৰুপথাৰ আৰক্ষীৰ তালাচিত জব্দ হৈছে PB-10-GW-4978 আৰু HR-65-A-9188 পঞ্জীয়ন নম্বৰৰ ১৪ চকীয়া ট্ৰাক দুখন। দুয়োখন ট্ৰাকতে ৩০০ বস্তাকৈ সৰ্বমুঠ ৬০০ টা বস্তাত প্ৰায় ৪০ টন চুপাৰি আনিছিল। চুপাৰিখিনিৰ অনুমানিক বজাৰমূল্য মূল্য ৮০ লাখ টকা অধিক হ'ব বুলি জনাইছে আৰক্ষীয়ে।
ট্ৰাক দুখনৰ সৈতে ৫ জন লোকক আটক কৰিছে সৰুপথাৰ আৰক্ষীয়ে ৷ জব্দ কৰিছে NL-07-CA-1757 নম্বৰৰ এখন ৱেগন আৰ গাড়ীও। ধৃত লোক কেইজন বোকাজানৰ কুখ্যাত মাফিয়া বিজয় সিং, সৰুপথাৰ চুঙাজানৰ দেৱেশ্বৰ শইকীয়া, ট্ৰাক দুখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে জম্মুৰ অশোক কুমাৰ, পঞ্জাৱৰ সঞ্জীৱ কুমাৰ সিং আৰু উত্তৰ প্ৰদেশৰ শিৱ ৰাও।
জানিব পৰা মতে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্ত (Assam Nagaland Border)ৰ চুঙাজান ফটো বস্তিৰ পৰা আহিছিল ট্ৰাক দুখন। উল্লেখ্য যে অসম নগালেণ্ড সীমান্তৰ ফটো বস্তিৰ পৰাই দীৰ্ঘদিন ধৰি বিভিন্ন অবৈধ কাম কাজ চলি থকাৰ তথ্য লাভ কৰা হৈছে। ধৃত বিজয় সিঙৰ অসম নাগালেণ্ড সীমান্তত থকা অবৈধ ইটা ভাটিতেই বাৰ্মীজ চুপাৰী, বাৰ্মীজ কাঠৰ লগতে ম্যানমাৰ পৰা অহা সকলো অবৈধ সামগ্ৰীৰ লেন-দেন হয় বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে । সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা, উপ পৰিদৰ্শক নুৰ জাহাংগীৰ আহমেদ আৰু ধনশিৰি মহকুমা আৰক্ষী বিষয়া ট্ৰিনয়ন ভূঞাৰ যৌথ অভিযানত জব্দ কৰা হয় চুপাৰি ভৰ্তি ট্ৰাক দুখন।
উল্লেখ্য যে সমগ্র চুপাৰি ছিণ্ডিকেটৰ লগত গুৱাহাটীৰ এটা আগশাৰী ট্ৰেভেল এজেঞ্চী (Travel Agency)ৰ স্বতাধিকাৰী জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। সেই গুৱাহাটীৰ ব্যক্তিজন আন এজন নগা লোকৰ সৈতে ট্ৰাকদুখনৰ পিছে পিছে আহিছিল এখন টাটা পাঞ্চ বাহনত। কিন্তু অতি কৌশলেৰে তেওঁলোক আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰে ডিমাপুৰৰলৈ। তাৎপর্যপূর্ণ কথা এই যে কাৰ ছত্ৰছায়াত আকৌ চলিছে বাৰ্মিজ চুপাৰী, কাঠৰ অবৈধ সৰবৰাহ, আৰক্ষীয়ে তাৰ অনুসন্ধান অহ্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|