সৰুপথাৰ আৰক্ষীৰ বৃহৎ সফলতা। দীৰ্ঘদিন ধৰি ধনশিৰি মহকুমাৰ লগতে উজনি অসমত ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তোলা কুখ্যাত ড্ৰাগছ বেপাৰী সঞ্জু আলীক গ্ৰেপ্তাৰ কৰে সৰুপথাৰ আৰক্ষীয়ে।

উল্লেখ্য যে সোমবাৰে কাৰ্বিআংলং জিলাৰ খটখটীৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বুজন পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড সঞ্জু আলী সোমবাৰে সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অতি কৌশলে ধৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বেও গোলাঘাট আৰক্ষীয়ে সঞ্জু আলী তেওঁৰ পত্নীক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছিল। কিন্তু জামিনত মুক্তি লাভ কৰিয়েই পুনৰ ড্ৰাগছৰ ব্যৱসায়ত নামি পৰে সঞ্জু। উল্লেখ্য যে ধৃত সঞ্জুৱে ২০২০ চনৰ এপ্ৰিল মাহত সৰুপথাৰ নগৰৰ মাজমজিয়াত নকচু খান নামৰ এজন যুৱক আৰু নিজৰ তিনি ভাতৃৰ সহযোগত সংঘটিত কৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত । আৰক্ষীৰ এক গোপন সুত্ৰে খৱৰৰ মতে মণিপুৰৰ পৰা ডিমাপুৰক কেন্দ্ৰ কৰি সমগ্ৰ অসমত ড্ৰাগছৰ ব্যৱসায় চলাই থকা ডিমাপুৰৰ ডিডি'ৰ অসমৰ মুখ্য সৰবৰাহকাৰী হিচাপে জড়িত আছিল সঞ্জু আলী।সঞ্জু আলীৰ আটকৰ পিছত উজনি অসমৰ ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত বহু লোকক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে । ধৃত সঞ্জুক আজি খটখটী থানাৰ গোচৰ নম্বৰ ৩৫/২২ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২১ চি/২৪/২৯ NDPS এক্টত গ্ৰেপ্তাৰ কৰা হয় ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|