বাক্সাৰ শালবাৰী আৰক্ষীৰ জালত পুনৰ পৰিল ঝাৰখণ্ডৰ দুই চাইবাৰ অপৰাধী ৷ অপৰাধী দুটা ঝাৰখণ্ডৰ জামতাৰা জিলাৰ ৱাংকুদিয়া গাঁৱৰ আফজাল আনছাৰি আৰু আখতাৰ আনছাৰি ৷ শিমলাৰ বনিয়াকুছিৰ অমৃত দাস নামৰ এজন লোকৰ পৰা বেংকৰ লোক বুলি পৰিচয় দি মোবাইলৰ জৰিয়তে ১,০২,০০০ টকা সৰকোৱাৰ পিছতেই শিমলা থানাৰ আৰক্ষীৰ ওচৰ চাপিছিল ভুক্তভোগীয়ে ৷ ইয়াৰ পিছতে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত গোৱৰ্দ্ধনা থানা আৰু শিমলা থানাৰ আৰক্ষীৰ এটা দলে গৈ ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে দুয়োকে ৷
উল্লেখযোগ্য যে বৰ্তমান সময়ত চাইবাৰ অপৰাধীৰ দলে বেংকৰ লোক বুলি পৰিচয় দি গ্ৰাহকক মোবাইলত বিভিন্ন তথ্য বিচাৰি বিভিন্নজনৰ পৰা অসৎ উপায়েৰে লুটি আহিছে লক্ষ লক্ষ টকা ৷ স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও অনুৰূপ ঘটনাৰ অনুসন্ধান চলাই ঝাৰখণ্ডৰ ঝাৰ পৰা শালবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনিটা চাইবাৰ অপৰাধীক ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি চাইবাৰ অপৰাধীয়ে বৰ্তমান SBI ৰ YONO ৰ উপৰি Flipkart, Amazon আদিৰ বিভিন্ন ভুৱা ৱেবচাইট তৈয়াৰ কৰি বিভিন্ন ধৰণে লুটি আছে গ্ৰাহকক ৷ সেয়েহে এইবোৰ ব্যৱহাৰ কৰোতে সকলোকে সাৱধান হ'বলৈ অনুৰোধ জনাইছে আৰক্ষীয়ে ৷ আজি এই সন্দৰ্ভত শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সমীৰণ বৈশ্যই এক সংবাদমেল আয়োজন কৰি অচিনাকী ফোন নম্বৰৰ পৰা অহা কলৰ ক্ষেত্ৰত সকলোকে সাৱধান হবলৈ আহ্বান জনায় ৷
Published by: Kokil Sarma
FIRST PUBLISHED : October 19, 2022, 18:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।