বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অপৰাধনামা / Tax Raids on Piyush Jain: ২৫৭ কোটি টকা, ২৫ কেজি সোণ, ২৫০ কেজি ৰূপ আৰু ৩০০ পাত ছাবি উদ্ধাৰ ব্যৱসায়ীৰ ঘৰৰ পৰা, ঘৰতে ৰাখিছিল টকা গনা মেচিন

Tax Raids on Piyush Jain: ২৫৭ কোটি টকা, ২৫ কেজি সোণ, ২৫০ কেজি ৰূপ আৰু ৩০০ পাত ছাবি উদ্ধাৰ ব্যৱসায়ীৰ ঘৰৰ পৰা, ঘৰতে ৰাখিছিল টকা গনা মেচিন

Tax Raids on Piyush Jain: ২৫৭ কোটি টকা, ২৫ কেজি সোণ, ২৫০ কেজি ৰূপ আৰু ৩০০ পাত ছাবি উদ্ধাৰ ব্যৱসায়ীৰ ঘৰৰ পৰা, ঘৰতে ৰাখিছিল টকা গনা মেচিন

Tax Raids on Piyush Jain: ১৯টা টকা গণনা কৰা মেচিন লৈ GST বিভাগৰ লোকে প্ৰায় ৪০ ঘণ্টাৰ অধিক সময় টকা গণনা কৰিব লগা হৈছিল।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

প্ৰথমে খবৰ পোৱাৰ দৰে ১৬০ কোটি নহয়, উত্তৰ প্ৰদেশৰ ব্যৱসায়ী পীয়ূষ জৈন (Piyush Jain)ৰ ঘৰৰ পৰা আয়কৰ বিভাগে জব্দ কৰিছে ২৫৭ কোটি (Rs 257 Crores) টকা। জৈনৰ ঘৰত Directorate General of GST Intelligence (DGGI)ৰ এই তালাচীৰ পৰা ইমান টকা আৰু মূল্যৱান সামগ্ৰী জব্দ কৰা হৈছে যে ভাৰতৰ ইতিহাসতে ছাগে এইটো সৰ্ববৃহৎ তালাচীৰূপে পৰিগণিত হ’ব। শনিবাৰে পুৱতী নিশাৰ পৰা তথাকথিত আতৰ ব্যৱসায়ীজনৰ ঘৰত তালাচী চলাইছিল GST Intelligenceৰ দলে। দুটা আলমাৰীত থোৱা অৱস্থাত উদ্ধাৰ হৈছিল টকাৰ দ’ম।

বিজ্ঞাপন

১৯টা টকা গণনা কৰা মেচিন লৈ DGGIৰ বিভাগৰ লোকে প্ৰায় ৪০ ঘণ্টাৰ অধিক সময় টকা গণনা কৰিব লগা হৈছিল। অৱশেষত পীয়ূষ জৈনৰ ঘৰত ২৫৭ কোটি টকা জব্দ কৰিবলৈ সক্ষম হয় GST বিভাগে। কানপুৰৰ ঘৰৰ পৰা ১৭৭ কোটি টকা, কনৌজৰ ঘৰৰ পৰা ১০৭ কোটি টকা আৰু আহমেদাবাদৰ ফেক্টৰী আৰু ঘৰৰ পৰা ১০ কোটি টকা জব্দ কৰিবলৈ সক্ষম হয় DGGIয়ে। ব্যৱসায়ী পীয়ূষ জৈনৰ ইমানেই টকা যে নিজৰ ঘৰতে টকা গণনা কৰা মেচিন ৰাখি লৈছিল।

কেৱল টকাই নহয় কানপুৰৰ এইজন ব্যৱসায়ীৰ ঘৰত GST বিভাগে জব্দ কৰিছে বৃহৎ পৰিমাণৰ সোণ-ৰূপ। জৈনৰ কনৌজৰ ঘৰৰ পৰা ২৫ কেজি সোণ জব্দ কৰা বুলিও জানিব পৰা গৈছে। ৰূপ জব্দ কৰিছে ২৫০ কেজি। ২০০০ টকীয়া নোটৰে ভৰি থকা কেইবাটাও বাকচ উদ্ধাৰ কৰিছে GST বিভাগে। লগতে উদ্ধাৰ কৰিছে ৯ ড্ৰাম চন্দন তেল।

সূত্ৰই জনোৱা মতে ব্যৱসায়ী পীয়ূষ জৈনৰ মুঠ ৪০ টা কোম্পানী আছে আৰু ইয়াৰে দুটা কোম্পানী মধ্য প্ৰাচ্যত আছে বুলি জানিব পৰা গৈছে।

বিজ্ঞাপন

আচৰিত ধৰণে ব্যৱসায়ী জৈনৰ ৪টা ঘৰৰ পৰা ৩০০ পাত ছাবি উদ্ধাৰ কৰা হৈছে। খবৰ মতে কেইবাটাও তলা খুলিব পৰা নাছিল আৰু সেইবাবে তলা-ছাবি বনোৱা কোম্পানীৰ লোক মাতি আনিবলগীয়া হৈছিল।

আনহাতে নিউজ এজেন্সী IANSৰ এক বাতৰি মতে পীয়ূষ জৈনে এই সমস্ত টকা তেওঁ বহু বছৰ ধৰি সোণ বিক্ৰী কৰি জমা কৰিছিল। জৈনে দাবী কৰে যে তেওঁৰ পূৰ্ব পুৰুষে ৪০০ কেজি সোণ এৰি থৈ গৈছিল আৰু বিগত বহু বছৰ ধৰি তেওঁ অলপ অলপকৈ এই সোণমসূহ সোণাৰীক বিক্ৰী কৰি আছিল আৰু সেই টকাবোৰ জমা কৰিছিল।

বিজ্ঞাপন

Read all News in Assamese , Assam News Today , Entertainment News in Assamese , Business News in Assamese , Sports News in Assamese , Health News in Assamese , India News in Assamese

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: GST , INCOME TAX , Raid
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন