• Home
  • »
  • News
  • »
  • crime
  • »
  • Robber Files FIR: থানাত এইবাৰ চোৰৰ এজাহাৰ, কাণ্ড শুনিলে হাঁহিত মৰিব আপুনি!

Robber Files FIR: থানাত এইবাৰ চোৰৰ এজাহাৰ, কাণ্ড শুনিলে হাঁহিত মৰিব আপুনি!

ৰিতেশৰ এজাহাৰ গ্ৰহণ কৰি আৰক্ষীয়ে কয়, "দুৰ্বৃত্তক ধৰিবলৈ আমি ৰাইজৰ সহযোগিতা কামনা কৰোঁ, কিন্তু ৰাইজক এইটোও আহ্বান জনাওঁ যে যাতে মাৰপিট কৰি আইন তুলি নলয়।"

ৰিতেশৰ এজাহাৰ গ্ৰহণ কৰি আৰক্ষীয়ে কয়, "দুৰ্বৃত্তক ধৰিবলৈ আমি ৰাইজৰ সহযোগিতা কামনা কৰোঁ, কিন্তু ৰাইজক এইটোও আহ্বান জনাওঁ যে যাতে মাৰপিট কৰি আইন তুলি নলয়।"

ৰিতেশৰ এজাহাৰ গ্ৰহণ কৰি আৰক্ষীয়ে কয়, "দুৰ্বৃত্তক ধৰিবলৈ আমি ৰাইজৰ সহযোগিতা কামনা কৰোঁ, কিন্তু ৰাইজক এইটোও আহ্বান জনাওঁ যে যাতে মাৰপিট কৰি আইন তুলি নলয়।"

  • Share this:
চোৰৰ বিৰুদ্ধে নহয়, চোৰে এইবাৰ এজাহাৰ দিলে থানাত। এই আজৱ কাণ্ড সংঘটিত হৈছে বেংগালুৰুত। সকলোকে হতভম্ব কৰি তোলা এই ঘটনাত চোৰ এজনে গোচৰ তৰিছে কেইজনমান লোকৰ বিৰুদ্ধে যিসকলে চোৰটোক বাট আগচি ধৰি পলোৱাত বাধা দিছিল আৰু তাক মাৰধৰ কৰিছিল। চোৰটোৰ দাবী তাক শাৰীৰিক ভাৱে অপদস্থ কৰাৰ অভিযোগত সেই লোককেইজনৰ বিৰুদ্ধে ল'ব লাগে একচন।

দুদিন পূৰ্বে সংঘটিত হৈছিল এই ঘটনা। বেংগালুৰুৰ ৰিছমণ্ড ৰোডত পলাতক চোৰটোক আগচি ধৰিছিল কেইজনমান লোকে। এতিয়া সেই লকোকেইজনৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগত এজাহাৰ দিছে ৰিতেশ জয়কুমাৰ নামৰ চোৰটোৱে।

বেংগালুৰুৰ ডোলমুৰৰ ১৮ বছৰীয়া চোৰ ৰিতেশে প্ৰতাপ পাটিল নামৰ এজন কেব চালকৰ গাড়ীত উঠি এখন ছুৰী দেখুৱাই তেওঁৰ মোবাইল আৰু নগদ ধন ডকাইতিৰ চেষ্টা কৰিছিল। ঘটনাটো দেখি পথচাৰী দুজনমান পাটিলৰ সহায়ৰ বাবে আহে আৰু তাক ধৰিবলৈ চেষ্টা কৰে। ৰিতেশে তাৰ হাতত থকা ছুৰীখনেৰে লোককেইজনক আক্ৰমণৰ চেষ্টা কৰে।

কিন্তু ৰিতেশ কোনোমতে ক্ষান্ত নোহোৱাত এজন লোকে তাক গবা মাৰি ধৰে আৰু দুজনমানে হেলমেট আৰু কাঠেৰ টুকুৰাৰে মাৰে। কিন্তু ইমানৰ পিছতো যান-জঁটৰ সুযোগ লৈ ঘটনাস্থীলৰ পৰা পলায়ন কৰিছিল ৰিতেশে। ঘটনা সন্দৰ্ভত কেব চালক পাটিলে এখন এজাহাৰ দাখিল কৰে আৰু আৰু আৰক্ষীয়ে আহত ৰিতেশক আটক কৰে।

কিন্তু ৰিতেশে ওলোটা এজাহাৰ দিলে তাক মাৰপিট কৰা লোককেইজনৰ বিৰুদ্ধে। ৰিতেশৰ অভিযোগ, "মই কেব চালকজনক ছুৰী দেখুৱাই তাৰ মোবাইল আৰু পাৰ্ছ বিচাৰিছিলোঁ, কিন্তু সি পলাই গ'ল আৰু চিঞৰিবলৈ ধৰিলে। লগে লগে ৩০-৪০ জন লোক আহি মোক মাৰপিট কৰিবলৈ ধৰে। মই হাত, মূৰ, ভৰি আৰু মুখত আঘাট পাইছোঁ। মই এতিয়া সেইকেইজন লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাটো বিচাৰোঁ যিসকলে মোক মাৰিছিল।"

ৰিতেশৰ এজাহাৰ পিছতে বিপাঙত পৰে আৰক্ষী। ৰিতেশৰ এজাহাৰ গ্ৰহণ কৰি আৰক্ষীয়ে কয়, "দুৰ্বৃত্তক ধৰিবলৈ আমি ৰাইজৰ সহযোগিতা কামনা কৰোঁ, কিন্তু ৰাইজক এইটোও আহ্বান জনাওঁ যে যাতে মাৰপিট কৰি আইন তুলি নলয়।"
Published by:Manjumoni Borah
First published: