পৃথিৱীবিখ্যাত অসমৰ এশিঙীয়া গঁড় হত্যা ৰোধ কৰিবলৈ আৰক্ষীয়ে ৰাজ্যত বিশেষ অভিযান অব্যাহত ৰখাৰ সময়তে যোৰহাটৰ তিতাবৰত (Jorhat) উদ্ধাৰ হৈছে এটা গঁড়ৰ খড়্গ । তিতাবৰৰ চুঙীত আৰক্ষীয়ে বিশেষ অভিযান চলাই দুজন লোকক আটক কৰাৰ লগতে এটা গঁড়ৰ খড়্গ উদ্ধাৰ কৰিছে । এক কোটি টকাতকৈও অধিক মূল্যত খড়্গটো বিক্ৰী কৰিবলৈ আনি আৰক্ষীৰ জালত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা , তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিনহা আৰু সহকাৰী উপ-পৰিদৰ্শক নৱ শইকীয়াই যৌথভাৱে অভিযান চলাই চুঙীৰ পৰা দেওবাৰে উদ্ধাৰ কৰে গঁড়ৰ খড়্গটো। উদ্ধাৰ কৰা খড়্গটোৰ ওজন প্ৰায় ১ কেজি ১৫৮ গ্ৰাম । খড়্গটো বিক্ৰী কৰিবলৈ অনাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে আটক কৰা লোক দুজন হ'ল আজিজুৰ ৰহমান আৰু ৰাজেন বাউৰী। চোৰাং চিকাৰী বুলি সন্দেহ কৰা লোক দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Two arrested with rhino horn in Jorhat)।
ধৃত লোক দুজনে প্রায় ১ কেজি ১৫৮ গ্ৰাম ওজনৰ খড়্গটো ১ কোটি ২০ লাখ টকাত বিক্ৰী কৰিবলৈ অনা বুলি জানিব পৰা গৈছে । কিন্তু কোনো এক গোপন স্থানত বিক্রী কৰিবলৈ গোট খোৱাৰ পূৰ্বেই আৰক্ষীয়ে এই লোক দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । এই খড়্গটোৰ উৎসৰ পৰা আৰম্ভ কৰি ইয়াৰ ব্যৱসায়ৰ অন্তৰালৰ তথ্যসমূহ উদঘাটন কৰিবলৈ ধৃত আজিজুৰ ৰহমান আৰু ৰাজেন বাউৰীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
Published by: Gautam Barman
FIRST PUBLISHED : June 07, 2022, 13:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|