এশিঙীয়া গঁড় হত্যা আৰু গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত মৰিগাঁৱৰ পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মৰিগাঁৱৰ পানীবগৰা পথাৰত খেদি খেদি আছিক আলী আৰু খাইৰুল ইছলাম নামৰ দুই পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, ভজন বিশ্বাস নামৰ এজন ব্যক্তিৰ ওচৰত গঁড়ৰ খৰ্গ বিক্ৰীৰ বাবে যোৱাৰ খবৰ লাভ কৰি আজি নগাঁও আৰক্ষীৰ এটা দলে মৰিগাঁৱত অভিযান চলাইছিল। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা দলটোক সহযোগ কৰিছিল জখলাবন্ধাৰ চিকনীস্থ অসম ফৰেষ্ট টাস্ক ফ'ৰ্চৰ ২নং বেটেলিয়ন আৰু মৰিগাঁও আৰক্ষীয়ে।
উল্লেখ্য যে এই দুই পিতা-পুত্ৰৰ বিৰুদ্ধে জখলাবন্ধা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/৪২৯/৩৭৯/৩৪ আৰু Section 51 WL(P) Act & R/W sec 25(1-A)/27 Arms Act ত ১৬৬/২০১৮ নম্বৰত এটা গোচৰ ৰুজু হৈ আছিল। সেই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে বৰ্তমান আছিক আলী আৰু খাইৰুল ইছলামৰ লগতে ভজন বিশ্বাসক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে ভজন বিশ্বাসক বিক্ৰীৰ বাবে অনা গঁড়ৰ খৰ্গও উদ্ধাৰ কৰিছে নগাঁও আৰক্ষীৰ দলটোৱে।
স্মৰ্তব্য যে নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবেই বিগত ২০১৯ আৰু ২০২০ বৰ্ষত নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত চোৰাং চিকাৰীয়ে গঁড় হত্যাৰ দৰে অপৰাধ সংঘটিত কৰিব পৰা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।