২০২০-২১ বৰ্ষত কাজিৰঙাৰ গঁড়ৰ খড়্গৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত বনকৰ্মীসহ ৩০ জনতকৈও অধিক লোকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আটক কৰিছে।
২০২০-২১ বৰ্ষত কাজিৰঙাৰ গঁড়ৰ খড়্গৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত বনকৰ্মীসহ ৩০ জনতকৈও অধিক লোকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আটক কৰিছে।
গঁড়ৰ খড়্গ (Rhino Horn)ৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। ধৰা পৰিছে ইটোৰ পাছত সিটো চোৰাং খড়্গৰ ব্যৱসায়ী (Rhino Horn Smuggler)। এইবাৰ আগৰ ব্যৱসায়ী গঁড়ৰ খড়্গৰ চোৰাং বেহাত জড়িত থকাৰ ঘটনা পোহৰলৈ আহিছে। বনকৰ্মীৰ সৈতে একেলগে গঁড়ৰ খড়্গৰ ব্যৱসায় কৰা হোজাইৰ আগৰ ব্যৱসায়ৰ লগত জড়িত ৰহিমুদ্দিন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ’ (DFO) ৰমেশ কুমাৰ গগৈয়ে জনোৱা মতে কাজিৰঙাৰ বহু কেইগৰাকী বনকৰ্মী শেহতীয়াকৈ গঁড়ৰ খড়্গৰ সৰবৰাহত জড়িত হৈ পৰিছিল ৷ তাৰে ভীমলা শইকীয়া নামৰ বনকৰ্মীগৰাকীক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল বনবিভাগে ৷ আনকি ভীমলা শইকীয়াই গঁড়ৰ খৰ্গ বিক্ৰী কৰিছিল ৰহিমুদ্দিন নামৰ হোজাইৰ নীলবাগনৰ লোকজনক ৷ ৰহিমুদ্দিনক বিচাৰি বনবিভাগে অভিযান চলাইছিল যদিও পলাতক অৱস্থাত থকা ৰহিমুদ্দিনে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈ দেওবাৰে আত্মসমৰ্পণ কৰে৷ বনবিভাগে নিয়মানুসাৰে ৰহিমুদ্দিনক মুক্তি কৰে যদিও পূৰ্বৰ আন এটা গোচৰৰ ভিত্তিত ৰহিমুদ্দিনক পুনৰ গ্ৰেপ্তাৰ কৰে বনবিভাগে৷
উল্লেখ্য যে, ২০২০-২১ বৰ্ষত কাজিৰঙাৰ গঁড়ৰ খড়্গৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত বনকৰ্মীসহ ৩০ জনতকৈও অধিক লোকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আটক কৰিছে। আনহাতে, এতিয়াও খড়্গৰ চোৰাং বেহাৰ লগত জড়িত থকা তিনিজন লোক পলাতক অৱস্থাত আছে বুলি জনায় DFO গৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|