মাত্ৰ এডৰা তামোলৰ খেতিক কেন্দ্ৰ কৰি হাইলাকান্দি জিলাৰ আলগাপুৰ বিধানসভা সমষ্টিৰ চণ্ডীপুৰ প্ৰথমখণ্ড গাঁওত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। তামোলৰ খেতি দখল কৰাক কেন্দ্ৰ কৰি দুই আত্মীয়ৰ পৰিয়ালৰ মাজতে সৃষ্টি হয় সংঘাতৰ। ঘটনাত গুৰুতৰভাৱে আহত হয় একেই পৰিয়ালৰ দুই ভাতৃ ছলমান হুছেইন আৰু ছামিম আহমদ।
ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত অবস্থাত দুই ভাতৃক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও হাস্পতালত যোৱা অবস্থাত পথতে মৃত্যু হয় ছলমান হুছেইন নামৰ যুৱকজনৰ।
ঘটনাৰ পিছতে ছলমান হুছেইনৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰতিবেশী ছুলতান আহমদসহ আন ৭ ব্যক্তিক অভিযুক্ত কৰি আলগাপুৰ আৰক্ষী চকীত এটা গোচৰ ৰজু কৰা হয় । ছলমান হুছেইনৰ পৰিয়ালৰ অভিযোগ, ছুলতান আহমদ আৰু তেওঁৰ সহযোগীসকলে এই দুই ভাতৃক গছত হাত–ভৰি বান্ধি তালিবানী কায়দাত মৰিয়াই মৰিয়াই হত্যা কৰিছে।
ইপিনে, মৃত ছলমান হুছেইনৰ মৃতদেহ আলগাপুৰত লৈ অহাৰ পিছতে সৃষ্টি হয় উত্তেজনাৰ। স্থানীয় ৰাইজে ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। মৃতদেহ ৰাজপথত ৰাখি দোষীসকলক ফাঁচি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। পিছত হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ঘটনাস্থলীত উপস্হিত হৈ অতি সোনকালে সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে অৱৰোধ মুক্ত হয় ৰাষ্ট্ৰীয় ঘাইপথ।
ইতিমধ্যে হাইলাকান্দি আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত ছুলতান আহমদসহ আন এক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লগতে আন অভিযুক্তসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|