চেন্নাই বিমানবন্দৰত থাইলেণ্ডলৈ উৰা মাৰিবলগীয়া এখন মালবাহী বিমানত উদ্ধাৰ হয় ২২৪৭টা বিৰল প্ৰজাতিৰ তাৰিকা কাছ (Star Turtle)। বুধবাৰে চেন্নাই এয়াৰ কাৰ্গ’ কাষ্টমে এই তথ্য সদৰী কৰিছে। আনহাতে কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বিভাগৰ বিষয়াই জানিবলৈ দিয়া মতে ইতিমধ্যে কাছ কেইটা ৰাজ্যিক বন বিভাগক গতাই দিয়া হৈছে যাতে নিজস্ব প্ৰাকৃতিক পৰিৱেশত কাছ কেইটা সংস্থাপিত কৰিব পৰা যায় । ১৫টা বাকচত ভৰাই কাছ কেইটা বিমানত উঠোৱা হৈছিল বুলি জানিব পৰা গৈছে ।
সীমা শুল্ক বিভাগে এক বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে এক গোপন সূত্ৰৰ পম খেদি কাষ্টম বিভাগে থাইলেণ্ডলৈ উৰা মাৰিবলৈ যুঁজা চলোৱা এখন বিমানত অভিযান চলাই সেই সন্দেহজনক বাকচ কেইটা উদ্ধাৰ কৰে । প্ৰথমতে কেঁকোৰা বুলি সন্দেহ কৰা হৈছিল । কিন্তু ২৫০কিলোগ্ৰাম ওজনৰ বাকচ কেইটা খোলাৰ পিছত ওলাই পৰে বিৰল প্ৰজাতিৰ কাছ কেইটা ।
অৱশ্যে বাকচ কেইটা কেনেকৈ বিমানলৈ আহিল, এই চোৰাং বেহাত কোন জড়িত হৈ আছে আৰু থাইলেণ্ডত কাৰ হাতত পৰিলে হয় গৈ কাছ কেইটা সেইয়া গম পোৱা হোৱা নাই । উল্লেখযোগ্য যে, ভাৰতীয় ষ্টাৰ কাছ এটা বিলুপ্তপ্ৰায় জীৱ আৰু বন্য প্ৰাণী সংৰক্ষণ আইন ১৯৭২ৰ অধীনত সংৰক্ষিত । এই কাছক কোনো-কোনো দেশত সৌভাগ্যৰ প্রতীক বুলি গণ্য কৰা নাই; আনহাতে কোনো দেশত ই সুস্বাদু ব্যঞ্জন । ইয়াক ঔষধ প্ৰস্তুত কৰোঁতেও ব্যৱহাৰ কৰা হয় । সেইয়া এইবিধৰ উত্তৰ পূব এছিয়াৰ দেশ সমূহ চাহিদা সৰ্বাধিক ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|