প্ৰথমে নাবালিকাক ফুচুলাই নি ধৰ্ষণ (Rape), ধৰ্ষণৰ পিছত এশ টকা আৰু এপেকেট চিপছ দি মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল ধৰ্ষিতা নাবালিকা (Minor Raped)ৰ। কিন্তু নাবালিকাগৰাকীয়ে কান্দি কান্দি সমগ্ৰ ঘটনা মাতৃক কোৱাত পৰিৱেশ উত্তপ্ত হৈ পৰে। তাৰ পিছতে অভিযুক্তই ঘটনাটো গোপনে ৰাখিবলৈ পৰিয়ালৰ লোকক ভয়-ভাবুকি প্ৰদান কৰে। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত ৰামানাথপাৰা গাঁৱৰ অতুল বিশ্বাস নামৰ লম্পটটোৱে ভয়-ভাবুকিৰে বাছি যোৱাৰ ফন্দী কৰিছিল। কিন্তু মাতৃয়ে এজাহাৰ দাখিল কৰাত তামাৰহাট আৰক্ষীয়ে লম্পট অতুল বিশ্বাসক আটক কৰি ধুবুৰী জেললৈ প্ৰেৰণ কৰিছিল। অৱশেষত বুধবাৰে ধুবুৰী অতিৰিক্ত ন্যায়িক দণ্ডাধীশ আৰু স্পেচিয়েল পকছো আদালতে (Special POCSO Court) এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। নাবালিকা ধৰ্ষণকাৰীক যাবজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ১ লাখ টকাৰ জৰিমনা বিহে আদালতে।
অতুল বিশ্বাসে ২০২১ বৰ্ষৰ ৩১ আগষ্টৰ সন্ধিয়া এগৰাকী ১১ বছৰীয়া নাবালিকাক বলপূৰ্বক ভাবে বলৎকাৰ কৰিছিল। ভূক্তভোগী নাবালিকাজনীৰ সম্পৰ্কীয় খুড়াক হয় অতুল বিশ্বাস। ধৰ্ষণৰ পিছত এশ টকা আৰু এটা চিপছৰ পেকেট দি মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল অতুল বিশ্বাস নামৰ লম্পটটোৱে। উল্লেখ্য যে নাবালিকাক ধৰ্ষণ কৰা এইজন লম্পট অতুল বিশ্বাসক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী তুলিছিল দল-সংগঠনে।
আজি গোচৰটোৰ ৰায় প্ৰদান কৰে ধুবুৰী আদালতে। ধুবুৰী অতিৰিক্ত ন্যায়িক দণ্ডাধীশ আৰু স্পেচিয়েল পকছো আদালতে অভিযুক্ত অতুল বিশ্বাসক যাবজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে এক লাখ টকা জৰিমনা বিহে। গোচৰটোৰ চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে যুক্তি আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা উত্তম কুমাৰ সৰকাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|