• Home
  • »
  • News
  • »
  • crime
  • »
  • Rape Cases in Assam: ৫ বছৰত ৰাজ্যত ১৮,৬৯৩টা ধৰ্ষণ কাণ্ড, শালিনতা হানিৰ অভিযুক্ত ৰূপে আছে আৰক্ষীৰ পৰা IPS বিষয়াও

Rape Cases in Assam: ৫ বছৰত ৰাজ্যত ১৮,৬৯৩টা ধৰ্ষণ কাণ্ড, শালিনতা হানিৰ অভিযুক্ত ৰূপে আছে আৰক্ষীৰ পৰা IPS বিষয়াও

মহিলা আৰু কিশোৰীৰ ওপৰত অত্যাচাৰ চলোৱা ৬৫,৮৪৫টা গোচৰ বিগত পাঁচটা বছৰত ৰুজু হৈছে৷

মহিলা আৰু কিশোৰীৰ ওপৰত অত্যাচাৰ চলোৱা ৬৫,৮৪৫টা গোচৰ বিগত পাঁচটা বছৰত ৰুজু হৈছে৷

মহিলা আৰু কিশোৰীৰ ওপৰত অত্যাচাৰ চলোৱা ৬৫,৮৪৫টা গোচৰ বিগত পাঁচটা বছৰত ৰুজু হৈছে৷

  • Share this:

অসমত বিগত ৫ বছৰত ধর্ষণৰ বলি হৈছে ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী৷ অর্থাৎ বছৰি প্রায় তিনি হাজাৰতকৈ অধিক আৰু প্রায় প্রতিদিনে ১০টাকৈ অধিক ধর্ষণৰ ঘটনা সংঘটিত হৈছে অসমত৷ সোমবাৰে বিধানসভাত এই ভয়ংকৰ তথ্য দাঙি ধৰিলে গৃহ বিভাগে৷


কংগ্রেছৰ বিধায়কৰ প্ৰশ্নৰ উত্তৰত গৃহ বিভাগে প্রকাশ কৰা তথ্য অনুসৰি ২০১৬ চনৰ পৰা চলিত বর্ষৰ ৩১ জুলাইলৈকে শিশু কন্যা ধর্ষণ সন্দর্ভত ৭,৬০৭টা গোচৰ ৰুজু কৰা হৈছে৷ ইয়াৰে মুঠ ৫,৯২৩টা গোচৰ আৰু ৬,২৪৯জন অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। মহিলা–যুৱতী ধর্ষণৰ সংক্রান্তত ১১,০৮৬টা গোচৰ ৰুজু কৰা হৈছে৷ ইয়াৰে মুঠ ৮,০২০টা গোচৰৰ অভিযোগনামা ৯,১৯৮জন অপৰাধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে৷


২০১৮-১৯ বৰ্ষত শিশু কন্যাৰ বিৰুদ্ধে সর্বাধিক গোচৰ ৰুজু হৈছে ৷ ২০১৮ চনত ১,৭২১টা আৰু ২০১৯ চনত ১,৭৭৯টা গোচৰ ৰুজু হৈছে৷ পৰিতাপৰ বিষয় যে নাৰীজনিত অপৰাধত অসমে এন চি আৰ বিৰ তথ্য অনুসৰি বিগত পাঁচ বছৰে দেশৰ ভিতৰতে ২০১৬ চনৰ পৰা ২০১৯ চনত ৬নং স্থান দখল কৰি আহিছে৷


ৰাজ্যত ধর্ষণৰ ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি প্রতিখন আৰক্ষী থানাতে একোখন মহিলা কোষ গঠনৰ কথা বিধানসভাক জানিবলৈ দিয়ে গৃহ বিভাগে৷ গৃহ বিভাগৰ হৈ সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই তথ্য প্রকাশ কৰি জানিবলৈ দিছে যে অসমৰ ২০০খন আৰক্ষী থানাত অ’মেন হেল্প ডেস্ক গঠনৰ কাম চলি আছে৷তদুপৰি চি আই ডিৰ বিশেষ আৰক্ষী অধীক্ষকৰ অধীনত ৰাজ্যিক পর্যায়ত ক্রাইম এগেইনষ্ট অ’মেন চেল এটা চি আই ডিক প্রদান কৰা হৈছে, যাতে জঘন্য অপৰাধবোৰ তদাৰক কৰিব পৰা যায়৷


উল্লেখনীয় দিশটো হ’ল যে ২০১৬ চনৰ পৰা বিগত ৫ বছৰত প্রতিদিনে গড়ে প্রায় ১০টাকৈ ধর্ষণৰ গোচৰ ৰুজু হোৱাৰ সময়তে এইক্ষেত্রত একাংশ চৰকাৰী বিষয়াৰ বিৰুদ্ধেও এনে গোচৰ ৰুজু হৈছে৷ বিধানসভাৰ তথ্য অনুসৰি মহিলাৰ শালিনতা হানি কৰা মুঠ ১৬জন চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছে৷ খোদ গুৱাহাটী মহানগৰীতে ২০১৬ৰ পৰা ২০১৯ চনলৈ গৃহৰক্ষী জোৱান, আৰক্ষী বিষয়া, উপ–পৰিদর্শক আৰু কনিষ্টবলসহ ১০জন আৰক্ষীৰ বিৰুদ্ধে মহিলাৰ শালীনতা হানি কৰাৰ গোচৰ ৰুজু হৈছে৷


একেদৰে ২০২০ চনত এজন আই পি এছ বিষয়াৰ বিৰুদ্ধেও শালিনতা হানিৰ গোচৰ ৰুজু হৈছে৷কেৱল এইয়াই নহয়, মহিলা আৰু কিশোৰীৰ ওপৰত অত্যাচাৰ চলোৱা ৬৫,৮৪৫টা গোচৰ বিগত পাঁচটা বছৰত ৰুজু হৈছে৷ এই গোচৰৰ বিপৰীতে ৩৮,৪১২খন অভিযোগনামা দাখিল কৰা হৈছে৷ 

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি