• Home
  • »
  • News
  • »
  • crime
  • »
  • Rape Case: লোকেল গাৰ্জেনৰ কামনাৰ বলি হ'ল কিশোৰী, নগাঁৱৰ পুৰণিগুদামত জঘন্য কাণ্ড

Rape Case: লোকেল গাৰ্জেনৰ কামনাৰ বলি হ'ল কিশোৰী, নগাঁৱৰ পুৰণিগুদামত জঘন্য কাণ্ড

মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰে দুষ্কৰ্ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰে দুষ্কৰ্ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰে দুষ্কৰ্ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

  • Share this:
নগাঁৱৰ পুৰণিগুদামত সংঘটিত হৈছে এক জঘন্য কাণ্ড। লোকেল গাৰ্জেনৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী। ধৰ্ষণৰ বলি হ'ল এগৰাকী নিঃসহায় কিশোৰী। এজন ৬৮ বছৰ উৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অভিযুক্ত ব্যক্তিজন গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকা।

পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকাৰ কামনাৰ বলি হ'ল ১৫ বছৰীয়া কিশোৰী। মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰে দুষ্কৰ্ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

নিৰ্যাতিতা কিশোৰীগৰাকী বৰ্তমান পাচঁ মাহৰ অন্তঃসত্তা। চিকিৎসকে নিশ্চিত কৰিছে কিশোৰী গৰাকী পাঁচ মাহৰ অন্তঃসত্বা। পিতৃ-মাতৃৰ দৃষ্টি হীনতাৰ সুযোগ লৈ ৰামেশ্বৰে সংঘটিত কৰিছিল এনে জঘন্য কাণ্ড। লম্পট ৰামেশ্বৰ হাজৰীকাক ইতিমধ্যে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বিশেষভাৱে সক্ষম পিতৃ-মাতৃৰ একমাত্ৰ সাৰথি আছিল নিৰ্যাতিতা কিশোৰীগৰাকী। পৰিয়ালৰ লোকৰ এজাহাৰ দাখিল কৰিছে লম্পট ৰামেশ্বৰ হাজৰীকাৰ বিৰুদ্ধে। ভাড়াতীয়া লোকৰ ততপৰতাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা।

উল্লেখ্য যে অন্ধ পিতৃ-মাতৃৰ একমাত্ৰ সহাৰি আছিল কিশোৰীগৰাকী।
Published by:Manjumoni Borah
First published: