Chirang Rape Case: চিৰাঙত চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড ৷ ভুক্তভোগীক পিষ্টল দেখুৱাই ভীতি প্ৰদৰ্শন কৰি ধৰ্ষণ
Chirang Rape Case: চিৰাঙত চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড ৷ ভুক্তভোগীক পিষ্টল দেখুৱাই ভীতি প্ৰদৰ্শন কৰি ধৰ্ষণ
চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ সন্মুখতে ধৰ্ষণৰ অভিযুক্ত (Rape Accused)ক গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছে। পিছত মুমূৰ্ষ অৱস্থাত ক্ষুদ্ধ ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ধৰ্ষণৰ অভিযুক্ত গৰাকীৰ নাম বাহাৰুল মণ্ডল ওৰফে হলৈ।
দেওবাৰে নিশাৰ ভাগত চিৰাঙ (Chirang)ৰ বাসুগাঁও থানাৰ অন্তৰ্গত ভূটীয়াপাৰা-নয়টামাৰাত মহিলা এগৰাকীক লম্পটটোৱে ধৰ্ষণ কাণ্ড সংঘটিত কৰে ৷ মহিলাগৰাকীৰ স্বামী নথকাৰ সুযোগ গ্ৰহণ কৰি বাহাৰুল মণ্ডল ওৰফে হলৈয়ে ধৰ্ষণ কৰাৰ অভিযোগ অত্থাপন হৈছে ৷ লম্পট যুৱকজনে পিস্তল দেখুৱাই এগৰাকী তিনিটা সন্তানৰ মাতৃক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী মহিলা গৰাকীয়ে বাসুগাঁও থানা (Basugaon Police Station)ত এজাহাৰ দাখিল কৰে।
ইফালে ধৰ্ষণকাণ্ড (Rape) সংঘটিত কৰি পলাই থকা বাহাৰুল মণ্ডলে সোমবাৰে আবেলি বাছেৰে পলায়নৰ চেষ্টা কৰাৰ সময়তে কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ পৰা ৰাইজে আটক কৰিবলৈ সক্ষম হয়। ধৰ্ষণত অভিযুক্ত জনক ছালাকাটিৰ পৰা মটৰচাইকেলেৰে আনি থকাৰ সময়তে দোলোগাঁৱত একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰে। অভিযুক্ত যুৱকজন পূৰ্বেও একাধিক অপৰাধমুলক কাৰ্যকলাপত জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|