দিল্লীত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী (Sonia Gandhi)ৰ ব্যক্তিগত সচিব পি পি মাধৱন (PP Madhavan)ৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। উত্তম নগৰ আৰক্ষী থানাত মাধৱনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।
প্ৰাপ্ত তথ্য অনুসৰি যোৱা ২৫ জুনত উত্তৰ নগৰ আৰক্ষীয়ে অভিযোগ লাভ কৰিছিল, তাৰ পিছত আই পি চি ধাৰা ৩৭৬ (ধৰ্ষণ)ৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
অভিযোগ অনুসৰি মাধৱনে বিবাহ আৰু চাকৰিৰ অজুহাত দেখুৱাই এগৰাকী দলিত মহিলাক ধৰ্ষণ (Rape) কৰাৰ অভিযোগ উত্থাপন হৈছে। সূত্ৰই জনোৱা মতে, ২০২০ চনত মৃত্যু হোৱা মহিলাগৰাকীৰ স্বামীয়ে দিল্লীৰ কংগ্ৰেছ (Congress) কাৰ্যালয়ত শ্ৰমিক হিচাপে কাম কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|