• Home
  • »
  • News
  • »
  • crime
  • »
  • Criminal Fled : শৌচাগাৰত যোৱাৰ বাহানা কৰি আৰক্ষী জিম্মাৰ পৰা পলাল অভিযুক্ত ধৰ্ষণকাৰী

Criminal Fled : শৌচাগাৰত যোৱাৰ বাহানা কৰি আৰক্ষী জিম্মাৰ পৰা পলাল অভিযুক্ত ধৰ্ষণকাৰী

Rape Accused Fled: গৃহৰক্ষী জোৱানক আক্ৰমণ কৰি আৰক্ষী জিম্মাৰ পৰা পলাল অভিযুক্ত ধৰ্ষণকাৰী বাহাৰুল ইছলাম

  • Share this:
হাইলাকান্দিত আৰক্ষী চকীৰ পৰা পলাল আছামী । শনিবাৰে নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ থানাৰ পৰা পলাই যাবলৈ সক্ষম হয় ধৰ্ষণৰ গোচৰত অভিযুক্ত (Rape Accused) বাহাৰুল ইছলাম নামৰ অভিযুক্ত যুৱকজন । শুকুৰবাৰে নিশা এগৰাকী ১০ বছৰীয়া ছোৱালীক ধৰ্ষণ (Minor Rape Case)ৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তাক ।

শনিবাৰে অভিযুক্ত বাহাৰুল ইছলামক ন্যায়ালয়ৰ পৰা তিনি দিনৰ ৰিমাণ্ডত লৈছিল আৰক্ষীয়ে । ইয়াৰ পিছতে শনিবাৰ নিশা শৌচাগাৰত যোৱাৰ বাহানা কৰি আলগাপুৰ থানাত এগৰাকী আৰক্ষীক প্ৰহাৰ কৰি পলায়ন কৰে বাহাৰুল ইছলামে । পলাতক বাহাৰুলৰ আক্ৰমণত আহত হৈছে ছেলিমউদ্দিন মজুমদাৰ নামৰ এগৰাকী গৃহৰক্ষী জোৱান । বৰ্তমান পলাতক অভিযুক্ত বাহাৰুল ইছলামক পুনৰ  গ্ৰেপ্তাৰৰ বাবে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি