শনিবাৰে নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ থানাৰ পৰা পলাই যোৱা ধৰ্ষণ গোচৰৰ অভিযুক্ত (Rape Accused) বাহাৰুল ইছলামক আজি পুনৰ আৰক্ষীয়া গ্ৰেপ্তাৰ কৰিছে। পলাই যোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আকৌ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পলাতক আছামী বাহাৰুল ইছলামক । হাইলাকান্দি জিলাৰ বালিকান্দি গাঁৱৰ পৰা গাঁও ৰক্ষী বাহিনীৰ সহায়ত দেওবাৰে দিনৰ ১ বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাহাৰুলক। বৰ্তমান আলগাপুৰ থানাত আটক কৰি তাক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
শুকুৰবাৰে নিশা এগৰাকী ১০ বছৰীয়া ছোৱালীক ধৰ্ষণ (Minor Rape Case)ৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাহাৰুলক। শনিবাৰে অভিযুক্ত বাহাৰুল ইছলামক ন্যায়ালয়ৰ পৰা তিনি দিনৰ ৰিমাণ্ডত লৈছিল আৰক্ষীয়ে । ইয়াৰ পিছতে শনিবাৰ নিশা শৌচাগাৰলৈ যোৱাৰ বাহানা কৰি আলগাপুৰ থানাত এগৰাকী আৰক্ষীক প্ৰহাৰ কৰি পলায়ন কৰে বাহাৰুল ইছলামে । পলাতক বাহাৰুলৰ আক্ৰমণত আহত হয় ছেলিমউদ্দিন মজুমদাৰ নামৰ গৃহৰক্ষী জোৱানজন ।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 21, 2022, 16:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।