• Home
  • »
  • News
  • »
  • crime
  • »
  • কাৰ্ফিউৰ মাজতে চোৰৰ চকু চৰকাৰী বিদ্যালয়ত। ৰঙিয়াত একে নিশাই দুখনকৈ বিদ্যালয়ত চোৰৰ চাফাই অভিযান।

কাৰ্ফিউৰ মাজতে চোৰৰ চকু চৰকাৰী বিদ্যালয়ত। ৰঙিয়াত একে নিশাই দুখনকৈ বিদ্যালয়ত চোৰৰ চাফাই অভিযান।

শুক্ৰবাৰে নিশা ৰঙিয়াৰ বৰদলৰ দুখনকৈ বিদ্যালয়ত চুৰি কাৰ্য সংঘটিত হল । বৰদল মধ্য ইংৰাজী বিদ্যালয়ত চোৰে চিলিং ভাঙি আৰু ২ নং দক্ষিণ বৰদল প্ৰাথমিক বিদ্যালয়ত তলা ভাঙি প্ৰৱেশ কৰে বিদ্যালয়ৰ ভিতৰত ।

  • Share this:
    কাৰ্ফিউৰ মাজতে ৰঙিয়াত চোৰৰ উপদ্ৰৱ । এইবাৰ চোৰৰ চকু পৰিল চৰকাৰী বিদ্যালয় সমুহত ।‌‌ বিদ্যালয়ে বিদ্যালয়ে চোৰৰ চাফাই অভিযান ।

    শুক্ৰবাৰে নিশা ৰঙিয়াৰ বৰদলৰ দুখনকৈ বিদ্যালয়ত চুৰি কাৰ্য সংঘটিত হল । বৰদল মধ্য ইংৰাজী বিদ্যালয়ত চোৰে চিলিং ভাঙি আৰু ২ নং দক্ষিণ বৰদল প্ৰাথমিক বিদ্যালয়ত তলা ভাঙি প্ৰৱেশ কৰে বিদ্যালয়ৰ ভিতৰত । দুয়োখন বিদ্যালয়ত পৃথকে পৃথকে চোৰে মূল্যৱান সামগ্ৰীসমুহ লৈ যায় । বিদ্যালয়ত ব্যৱহাৰ কৰা দুটা পানীৰ মটৰ আৰু এটা গেছ চিলিণ্ডাৰ লৈ চোৰ উধাও হল । এটা নিশাৰ ভাগতে দুখনকে বিদ্যালয়ত চোৰে এনেদৰে নিৰ্বিঘ্নে চুৰি কাৰ্য সংঘটিত কৰাত সৃষ্টি হৈছে চাঞ্চল্যৰ । উল্লেখ্য যে কেইদিনমান পুৰ্বেও সমীপৰে ৰঙিয়াৰ মধুকুছিৰ কছাৰী মহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰি কাৰ্য সংঘটিত হৈছিল । তাৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে । দুয়োখন বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে ।
    Published by:Kokil Sarma
    First published: