দোকানলৈ ভদ্ৰ গ্ৰাহক এজন আহিছিল ! কিছু সময় পিছতে দোকানৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল ধনৰ বাকচ...

News18 Assam | News18-Assam
Updated:July 21, 2021, 6:31 PM IST
দোকানলৈ ভদ্ৰ গ্ৰাহক এজন আহিছিল ! কিছু সময় পিছতে দোকানৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল ধনৰ বাকচ...
ৰঙিয়া আৰক্ষীৰ জালত পৰিল গ্ৰাহকৰূপী চোৰ । দোকানত থকা চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে কৰায়ত্ত কৰিলে মুজাম্মিল আলীক ।

ৰঙিয়া আৰক্ষীৰ জালত পৰিল গ্ৰাহকৰূপী চোৰ । দোকানত থকা চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে কৰায়ত্ত কৰিলে মুজাম্মিল আলীক ।

  • Share this:
ৰঙিয়া আৰক্ষীৰ জালত পৰিল গ্ৰাহকৰূপী চোৰ । দোকানত থকা চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে কৰায়ত্ত কৰিলে মুজাম্মিল আলীক ।

প্ৰাপ্ত তথ্য অনুসৰি লকডাউনৰ কাৰ্ফিউ চলি থকা সময়তেই দুৰ্ধৰ্ষ চোৰটোৱে দোকানৰ পৰা টকাৰ বাকচ চুৰি কৰিছিল । প্ৰথমে গ্ৰাহক ৰূপে দোকানলৈ অহা চোৰটোৱে দোকানত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দোকানৰ টকাৰ বাকচটো লৈ পলায়ন কৰে । চুৰিৰ কথা গম পাই পিছত দোকানৰ মালিক মহেশ শৰ্মাই আৰক্ষীৰ কাষ চাপে । লগতে দোকানত লাগি থকা চিচিটিভিৰ ফুটেজ আৰক্ষীক জমা দিয়ে । পিছত আৰক্ষীয়ে তদন্ত কৰি কুমাৰীকাটাৰ বাঁহবাৰীৰ পৰা মুজাম্মিল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ অভিযানত চুৰি হোৱা বাকচটোৰ লগতে তিনিখন এটিএম কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্ছ, এটা মোবাইল ফোন আৰু সমুদায় এক লাখ পঞ্চল্লিশ হাজাৰ টকা উদ্ধাৰ হয় । উল্লেখ্য যে যোৱা কিছুদিন ধৰি ৰঙিয়া নগৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমুহত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে ।
Published by: Kokil Sarma
First published: July 21, 2021, 6:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি