মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Drugs Peddler : ৰঙিয়াত ৰাইজে ধৰিলে এল্ট' বাহনসহ ড্ৰাগছ বিক্ৰেতা-সেৱনকাৰীক। পথাৰত ড্ৰাগছ দলিয়াই পলায়ন দুই ড্ৰাগছ বিক্ৰেতাৰ।

Drugs Peddler : ৰঙিয়াত ৰাইজে ধৰিলে এল্ট' বাহনসহ ড্ৰাগছ বিক্ৰেতা-সেৱনকাৰীক। পথাৰত ড্ৰাগছ দলিয়াই পলায়ন দুই ড্ৰাগছ বিক্ৰেতাৰ।

News18 Assam | News18-Assam
Updated:July 8, 2021, 8:52 PM IST
Drugs Peddler : ৰঙিয়াত ৰাইজে ধৰিলে এল্ট' বাহনসহ ড্ৰাগছ বিক্ৰেতা-সেৱনকাৰীক। পথাৰত ড্ৰাগছ দলিয়াই পলায়ন দুই ড্ৰাগছ বিক্ৰেতাৰ।
আব্দুল আলী, বাহাৰ আলী আৰু ৰাজু আলীক ধৰি আৰক্ষীক গতালে ৰাইজে ।

আব্দুল আলী, বাহাৰ আলী আৰু ৰাজু আলীক ধৰি আৰক্ষীক গতালে ৰাইজে ।

  • Share this:
ৰঙিয়াত ৰাইজে ধৰিলে এল্ট' বাহনসহ ড্ৰাগছ বিক্ৰেতাৰ লগতে সেৱনকাৰীক । দুই ড্ৰাগছ বিক্ৰেতাই পথাৰত ড্ৰাগছ দলিয়াই পলায়ন কৰাৰ বিপৰীতে ধৰা পৰিল আন তিনিজন।

ৰঙিয়াৰ সীতাৰাত ড্ৰাগছসহ তিনি যুৱকক ধৰি আৰক্ষীক গতালে ৰাইজে । লগতে ৰাইজে জব্দ কৰিলে এখন এল্ট' বাহন । যুৱককেইজনৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছৰ কণ্টেইনাৰসহ ছিৰিঞ্জ । ইয়াৰে আব্দুল আলী, বাহাৰ আলী আৰু ৰাজু আলীক ধৰি আৰক্ষীক গতালে ৰাইজে ।

এখন এল্ট' আৰু এখন বাইকত অঞ্চলটোলৈ  আহিছিল পাচঁজনীয়া যুৱকৰ এটি দল। স্থানীয় লোকে সন্দেহত যুৱকজনক ৰ'বলৈ দিয়াত পলায়নৰ চেষ্টা কৰে । ড্ৰাগছৰ কণ্টেইনাৰ পথাৰলৈ দলিয়াই বাইক লৈ পলায়ন কৰে দুই যুৱক । এল্ট'সহ ৰাইজে ধৰে এই তিনি যুৱকক।  লগতে গাড়ীত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে ছিৰিঞ্জসহ ড্ৰাগছ। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীৰ দল উপস্থিত হৈ থানালৈ লৈ যায় ড্ৰাগছ বিক্ৰেতা আৰু সেৱনকাৰীকেইজনক । 
Published by: Manjumoni Borah
First published: July 8, 2021, 8:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি