
ৰঙিয়া চহৰৰ হৰদত্ত বীৰদত্ত ভৱনৰ সমীপত আৰু হাইৱে' চকত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তি সকলৰ পৰা ১হাজাৰ টকাকৈ জৰিমণা লৈছে ।
ৰঙিয়া চহৰৰ হৰদত্ত বীৰদত্ত ভৱনৰ সমীপত আৰু হাইৱে' চকত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তি সকলৰ পৰা ১হাজাৰ টকাকৈ জৰিমণা লৈছে ।
ৰঙিয়াত SOP ভংগকাৰীক এহেজাৰ টকাকৈ জৰিমনা বিহিছে আৰক্ষীয়ে । ৰঙিয়া আৰক্ষীয়ে মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে লৈছে কঠোৰ পদক্ষেপ ।
মাৰাত্মক ক'ৰোনা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে, একাংশ অসচেতন ব্যক্তি সৰ্বসাধাৰণৰ বাবে বিপদ স্বৰূপ হৈ পৰিছে । এনে বহুলোক আছে যিয়ে বিভিন্ন অজুহাত দেখুৱাই মাস্ক পৰিধান নকৰাকৈ ওলাই আহে । তেনে লোকসকলৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে । ৰঙিয়া চহৰৰ হৰদত্ত বীৰদত্ত ভৱনৰ সমীপত আৰু হাইৱে' চকত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তি সকলৰ পৰা ১হাজাৰ টকাকৈ জৰিমণা লৈছে । যদি কোনো লোকে জৰিমনা আদায় দিয়াৰ ক্ষেত্ৰত আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছে তেন্তে বাহনবোৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে । অনাগত দিনত নিয়ম নমনাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সংবাদ মাধ্যমক জনায় আৰক্ষীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|