ৰঙিয়াত দিন দুপৰতে ডকাইতি (Money loot) । অভিনৱ কৌশলেৰে এজন লোকৰ পৰা ৫ লাখ টকা লুটি নিয়ে দুৰ্বৃত্তই । বেংকৰ পৰা ধন (Cash) উলিয়াই ঘৰলৈ গৈ থকা অৱস্থাত ৰঙিয়াৰ গড়ভিতৰৰ শৰৎ দাস নামৰ লোকজনৰ পৰা ৫ লাখ টকা লুটি নিয়ে ।

ডকাইতিৰ ঘটনাটোকলৈ ৰঙিয়া নগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পালছাৰ বাইকত অহা দুই ডকাইতে ধন লুট কৰি নিৰ্বিঘ্নে উধাও হয় । লোকজনে ৰঙিয়া এমজি ৰোডস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা ধনখিনি উলিয়াই বাইকেৰে তিনিআলি অভিমুখে গৈ আছিল । এনে সময়তে তিনিআলি ৰেলগেটৰ সমীপত হঠাতে বাইক এখনে তেওঁক পিছফালৰ পৰা খুন্দিয়ায় । লগে লগে লোকজনে বাইকৰ পৰা বাগৰি পৰে । দুৰ্ঘটনাটোত লোকজন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় । তৎমুহূৰ্ততে বাইকত থকা দুজন যুৱকৰ এজনে লোকজনৰ পৰা ধনৰ বেগটো কাঢ়ি লৈ উধাও হয় । লগে লগে লোকজনে চিঞৰ-বাখৰ কৰে যদিও ইতিমধ্যে দুৰ্বৃত্ত দুজনে তীব্ৰ বেগেৰে বাইকেৰে নিৰ্বিঘ্নে পলাবলৈ সক্ষম হয় । ৰঙিয়া নগৰত দিন দুপৰতে ডকাইতিৰ দৰে ঘটনা সংঘটিত হোৱাত নগৰখনৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উদয় হৈছে সাধাৰণ জনতাৰ মনত ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|