উল্লেখ্য যে ভক্তসকলে মনোবাঞ্চা পূৰণৰ বাবে ঐতিহাসিক শ্মশান কালী মন্দিৰত ছাগলী এৰি দিয়ে । কিন্তু মন্দিৰত ছাগলী এৰি দিয়াৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে ছাগলীবোৰ ।
উল্লেখ্য যে ভক্তসকলে মনোবাঞ্চা পূৰণৰ বাবে ঐতিহাসিক শ্মশান কালী মন্দিৰত ছাগলী এৰি দিয়ে । কিন্তু মন্দিৰত ছাগলী এৰি দিয়াৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে ছাগলীবোৰ ।
ৰঙিয়াৰ ঐতিহাসিক শ্মশান কালী মন্দিৰত ভক্তই দান দিয়া ছাগলী চুৰিৰ চেষ্টা চোৰৰ দলৰ । ১৫০ বছৰীয়া শ্মশান কালী মন্দিৰৰ চৌহদতে ছাগলী কাটিলে চোৰৰ দলে ।
শতিকা পুৰণি মন্দিৰৰ চৌহদতে ছাগলী কাটি মাংস ভগাবলৈ লৈছিল তিনি ছাগলী চোৰে । শ্মশান কালী মন্দিৰৰ সমীপৰে ৰুবুল দাসৰ লগতে পিংকু বৈশ্য আৰু আন এটা চোৰে ছাগলী কটাৰ সময়তে ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে ৰুবুল দাসক । কিন্তু ৰাইজৰ হাতৰ পৰা পলায়ন কৰে প্ৰণৱ বৈশ্য সহ আন এটা ছাগলী চোৰ । ৰাইজে ধৰি চোৰ ৰুবুল দাসক লপা-থপা দিয়ে । উল্লেখ্য যে ভক্তসকলে মনোবাঞ্চা পূৰণৰ বাবে ঐতিহাসিক শ্মশান কালী মন্দিৰত ছাগলী এৰি দিয়ে । কিন্তু মন্দিৰত ছাগলী এৰি দিয়াৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে ছাগলীবোৰ । ৰাইজৰ অভিযোগ, 'ৰুবুল দাস সহ এই তিনি চোৰে প্ৰায়ে মন্দিৰৰ ছাগলী নাইকিয়া কৰি আহিছে ।' পিছত ৰাইজে ৰঙিয়া আৰক্ষীক গতাই দিয়ে ছাগলী চোৰ ৰুবুল দাসক ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|