মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»আৰক্ষীৰ অভিযানত ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰ, যুৱতী আৰু ২ মহিলা উদ্ধাৰ...

আৰক্ষীৰ অভিযানত ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰ, যুৱতী আৰু ২ মহিলা উদ্ধাৰ...

News18 Assam | News18-Assam
Updated:August 2, 2021, 9:55 AM IST
আৰক্ষীৰ অভিযানত ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰ, যুৱতী আৰু ২ মহিলা উদ্ধাৰ...
ৰঙিয়া ষ্টেচনৰ সমীপৰ গুৰকুছিৰ এটা গৃহত আৰক্ষীৰ অভিযান । আৰক্ষীয়ে এগৰাকী কিশোৰ, এগৰাকী যুৱতীসহ দুই মহিলাক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে ।

ৰঙিয়া ষ্টেচনৰ সমীপৰ গুৰকুছিৰ এটা গৃহত আৰক্ষীৰ অভিযান । আৰক্ষীয়ে এগৰাকী কিশোৰ, এগৰাকী যুৱতীসহ দুই মহিলাক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে ।

  • Share this:
ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰ, যুৱতীসহ  ২ মহিলা উদ্ধাৰ । ৰঙিয়া ষ্টেচনৰ সমীপৰ গুৰকুছিৰ এটা গৃহত আৰক্ষীৰ অভিযান । আৰক্ষীয়ে এগৰাকী কিশোৰ, এগৰাকী যুৱতীসহ দুই মহিলাক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে । লগতে দুই সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয় ।

উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ ওদালগুৰি জিলাৰ টংলাত । লগতে বৰপেটা জিলাৰ দিপ দাস আৰু ৰঙিয়াৰ উদিয়ানাৰ মতিন আলীক মানৱ সৰবৰাহত জড়িত থকাৰ অভিযোগত আটক কৰে । সৰবৰাহকাৰীয়ে আটাইকেইজনক চেন্নাইৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে নিবলৈ ওলোৱা মুহূৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰে । পিছত সৰবৰাহকাৰীসহ উদ্ধাৰ কৰা আটাইকেইজনক ৰঙিয়া থানালৈ লৈ আহে । উল্লেখ্য যে লকডাউনৰ সময়তো দৰিদ্ৰতাৰ সুযোগ লৈ এচাম পৰিয়ালৰ কিশোৰ-কিশোৰীক মানৱ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে ।
Published by: Kokil Sarma
First published: August 2, 2021, 9:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি