• Home
  • »
  • News
  • »
  • crime
  • »
  • Rakibul Hussain Death Threat : ৰকিবুল হুছেইনে ফাঁকি মাৰিছে, প্ৰমাণ আছে মোৰ হাতত। ৰকিবুলৰ বিৰুদ্ধে উলোটাই অভিযোগ এইজন কংগ্ৰেছীৰ।

Rakibul Hussain Death Threat : ৰকিবুল হুছেইনে ফাঁকি মাৰিছে, প্ৰমাণ আছে মোৰ হাতত। ৰকিবুলৰ বিৰুদ্ধে উলোটাই অভিযোগ এইজন কংগ্ৰেছীৰ।

ৰকিবুলক ভাবুকি দিয়াৰ অপৰাধত নগাঁও আৰক্ষীয়ে আটক কৰিলে কংগ্ৰেছ নেতা ছৈয়দ জাহিদুৰ ৰহমানক

ৰকিবুলক ভাবুকি দিয়াৰ অপৰাধত নগাঁও আৰক্ষীয়ে আটক কৰিলে কংগ্ৰেছ নেতা ছৈয়দ জাহিদুৰ ৰহমানক

ৰকিবুলক ভাবুকি দিয়াৰ অপৰাধত নগাঁও আৰক্ষীয়ে আটক কৰিলে কংগ্ৰেছ নেতা ছৈয়দ জাহিদুৰ ৰহমানক

  • Share this:
"ৰকিবুল হুছেইনৰ সৈতে মোৰ সম্পৰ্ক বহুদিনীয়া। তেঁও মোৰ ঘৰলৈ আহে, মইয়ো তেঁওৰ ঘৰলৈ যাঁও। তেঁওৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সৈতে মোৰ সম্পৰ্ক ভাল। কিন্তু তেঁও মোক অচিনাকী বুলি কোৱাটো আচৰিত"- এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰা কংগ্ৰেছ নেতা জাহিদুৰ ৰহমানৰ।

উল্লেখযোগ্য যে, প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে বুধবাৰে নগাঁৱত এক সংবাদমেল যোগে তেঁওক এটা অচিনাকী নম্বৰৰ পৰা হত্যাৰ ভাবুকি দিয়া বুলি সংবাদমেল দিয়াৰ লগতে নগাঁও সদৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। ৰকিবুল হুছেইনৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ১৪৩৩/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ফোন নম্বৰটোৰ গৰাকী কংগ্ৰেছ নেতা ছৈয়দ জাহিদুৰ ৰহমানক আটক কৰিছিল।

জাহিদুৰ ৰহমানে এই অভিযোগ মিছা বুলি কোৱাৰ লগতে ৰকিবুল হুছেইনৰ সৈতে হোৱা কথোপকথনৰ এটা অডিঅ' ক্লিপ ৰাজহুৱা কৰে। আজি পুনৰ নগাঁও আৰক্ষী থানাত কংগ্ৰেছৰ সংখ্যালঘূ কোষৰ ৰাজ্যিক সাধাৰণ সম্পাদক জাহিদুৰ ৰহমানে কয়, " মই তেঁওক কেৱল কংগ্ৰেছ দলৰ অৱক্ষয়ৰ কথাহে কৈছিলো ফোনত। তেঁও কংগ্ৰেছ দলটো ধ্বংস কৰিলে বুলিহে কৈছিলোঁ। কিন্তু হত্যাৰ ভাবুকি দিয়া বুলি মিছা মাতিছে। ৰকিবুল হুছেইনে ফাঁকি মাৰিছে। মই দলৰ শীৰ্ষ নেতৃত্বক ইয়াৰ বিৰুদ্ধে অভিযোগ দিম।"

নগাঁও আৰক্ষীয়ে ছৈয়দ জাহিদুৰ ৰহমানৰ বিৰুদ্ধে জামিনযুক্ত ধাৰাত গোচৰ ৰুজু কৰি নগাঁও সদৰ আৰক্ষী থানাত সোধাপোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত অৱশ্যে বৰ্তমানলৈ ৰকিবুল হুছেইনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই
Published by:Manjumoni Borah
First published: