যৌন মুভী বা ভিডিঅ' (Porn Films Case) নিৰ্মাণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা (Raj kundra)ই জামিনৰ বাবে আদালতত আবেদন কৰিছে। কিন্তু মুম্বাই আৰক্ষী (Mumbai Police)য়ে ৰাজ কুন্দ্ৰাৰ জামিনৰ বিৰোধিতা কৰিছে। মুম্বাই আৰক্ষীয়ে আদালতত এই বুলি আশংকা প্ৰকাশ কৰিছে যে যদি ৰাজ কুন্দ্ৰাই জামিনত মুকলি হৈ যায় তেনেহ'লে তেওঁ নীৰৱ মোদী নাইবা মেহুল চোকছীৰ দৰেই বিদেশলৈ পলাই যোৱাৰ ভয় আছে। উল্লেখ্য যে ৰাজ কুন্দ্ৰাৰ গ্ৰেট বৃটেইনৰ নাগৰিকত্বও আছে।
মুম্বাই আৰক্ষীয়ে লগতে এয়াও কয় যে যদি ৰাজ কুন্দ্ৰাই জামিন পায় তেন্তে সমাজলৈ এক বিৰূপ বাৰ্তা যাব। আনপিনে ৰাজ কুন্দ্ৰাই নিজৰ আবেদনত উল্লেখ কৰিছে যে আৰক্ষীয়ে এপ্ৰিলতে এই গোচৰত চাৰ্জশ্বীট দিছিল আৰু চাৰ্জশ্বীটত অথবা এজাহাৰত ক'তোৱেই ৰাজ কুন্দ্ৰাৰ নাম উল্লেখ নাছিল।
ৰাজ কুন্দ্ৰাৰ আবেদনত এয়াও উল্লেখ আছে যে তেওঁক জামিন নিদিয়া নিৰ্দেশ অনুমানৰ ওপৰত আধাৰিত আৰু ইয়াক খাৰিজ কৰিব লাগে। কুন্দ্ৰাৰ আবেদনত লিখা মতে দণ্ডাধীশে এইটো বুজাত বিফল হৈছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সৈতে তেওঁৰ সম্পৰ্ক প্ৰমাণৰ বাবে কোনো প্ৰমাণ নাই। ৰাজ কুন্দ্ৰাৰ এই আবেদনৰ বিপৰীতে মুম্বাই আৰক্ষীয়ে কয় যে এই অপৰাধ অতি গম্ভীৰ আৰু আৰক্ষীয়ে পৰ্ণ ভিডিঅ'সমূহ ক'ত আপলোড কৰা হৈছিল তাৰ অনুসন্ধান কৰি আছে।