মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Raj Kundra : ৰাজ কুন্দ্ৰাৰ বেংক একাউণ্টৰ তথ্যই আচৰিত কৰিছে মুম্বাই আৰক্ষীক। পৰ্ণ ছবি নিৰ্মাণ কৰি কিদৰে টকা ঘটিছিল কুন্দ্ৰাই?

Raj Kundra : ৰাজ কুন্দ্ৰাৰ বেংক একাউণ্টৰ তথ্যই আচৰিত কৰিছে মুম্বাই আৰক্ষীক। পৰ্ণ ছবি নিৰ্মাণ কৰি কিদৰে টকা ঘটিছিল কুন্দ্ৰাই?

ইংলেণ্ডস্থিত কেনৰিং (Canarying) কোম্পানীৰ পৰা মেইনটেনেন্সৰ নামত ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ ৱিহান (Vihan) কোম্পানীৰ নামত থকা ১৩টা বেংক একাউণ্টলৈ কোটি কোটি টকাৰ লেনদেন হৈছে।

ইংলেণ্ডস্থিত কেনৰিং (Canarying) কোম্পানীৰ পৰা মেইনটেনেন্সৰ নামত ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ ৱিহান (Vihan) কোম্পানীৰ নামত থকা ১৩টা বেংক একাউণ্টলৈ কোটি কোটি টকাৰ লেনদেন হৈছে।

  • Share this:
গ্ৰেপ্তাৰৰ পিছত ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ বেংক একাউণ্টৰ তথ্য উদঘাটন কৰিবলৈ উঠি পৰি লাগিছে মুম্বাই ক্ৰাইম ব্ৰান্স (Mumbai Crime Branch)। ৰাজ কুন্দ্ৰাক জেৰাত পোহৰলৈ আহিছে বিত্তীয় লেনদেনৰ চাঞ্চল্যকৰ তথ্য। কুন্দ্ৰাই ২০১৯ চনত আৰ্মছ প্ৰাইম মিডিয়া প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী গঠন কৰিছিল আৰু হটশ্বটছ (HotShots) নামৰ এপ এটা ডেভেলপ কৰিছিল। এই হটশ্বটছ এপটো জুন্দ্ৰাই কেনৰিং (Canarying) নামৰ আন এটা কোম্পানীক বিক্ৰী কৰি দিয়ে। কিন্তু হটশ্বটছৰ মেইনটেনেন্সৰ দায়িত্ব কুন্দ্ৰাৰ কোম্পানী ৱিহান (Vihan)ৰ আয়ত্তত ৰাখি কেনৰিং নামৰ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হৈ আছিল। এই মেইনটেনেন্সৰ নামতেই কোটি কোটি টকাৰ লেনদেন ৱিহান কোম্পানীৰ ১৩ টা বংক একাউণ্টৰ জড়িয়তে হৈ আছিল।

মুম্বাই ক্ৰাইম ব্ৰান্সৰ সূত্ৰৰ মতে হটশ্বটছৰ ছাবস্ক্ৰাইবাৰৰ জড়িয়তে লাভ কৰা মোটা অংকৰ ধন মেইনটেনেন্সৰ নামত দেখুৱাই আৰক্ষীৰ চকুত ধুলি দি আহিছিল ৰাজ কুন্দ্ৰাই। ক্ৰাইম ব্ৰান্সৰ সূত্ৰৰ মতে ইংলেণ্ডস্থিত কেনৰিং কোম্পানীৰ পৰা HotShotsৰ মেইনটেনেন্সৰ নামত কুন্দ্ৰাৰ ৱিহান কোম্পানীৰ নামত থকা ১৩টা বেংক একাউণ্টলৈ কোটি কোটি টকাৰ লেনদেন হৈছে। তাৰ পিছত কেইটামান ছেল মানে ভুৱা কোম্পানীৰ নামত এই ধনৰাশি বিনিযোগ কৰা দেখুৱাই একেবাৰে শেষত ৰাজ কুন্দ্ৰাৰ নিজৰ বেংক একাউণ্টত জমা হৈছিল গৈ।

মুম্বাই ক্ৰাইম ব্ৰান্সে ৰাজ কুন্দ্ৰাৰ কোম্পানী ৱিহানৰ সকলো বেংক একাউণ্টৰ বৃহৎ পৰিমাণৰ লেনদেনৰ ফৰেণছিক অডিট (Forensic Audit) কৰিবলৈ সাজু হৈছে। ইপিনে কেনৰিং কোম্পানীৰ ছিইঅ প্ৰদীপ বক্সী (Pradip Baksi)ক ৱাণ্টেড ঘোষণা কৰি মুম্বাই ক্ৰাইম ব্ৰান্সে প্ৰদীপৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে ২৩ জুলাইলৈ মুম্বাই আৰক্ষীৰ জিম্মাত আছে ৰাজ কুন্দ্ৰা। পৰ্ণ ছবি নিৰ্মাণৰ গোচৰত সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজ কুন্দ্ৰাক।

শেহতীয়া বাতৰি