মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Frog Smuggling : এইবাৰ ভেকুলীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ৰাজ্যত সক্ৰিয় হৈছে মহিলা 'ভেকুলী গেং' !

Frog Smuggling : এইবাৰ ভেকুলীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ৰাজ্যত সক্ৰিয় হৈছে মহিলা 'ভেকুলী গেং' !

Frog Smuggling : লামডিং ষ্টেছনৰ ৫ নং প্লেটফৰ্মৰ জিৰণি চ'ৰাৰ পৰা উদ্ধাৰ কৰে  ২০ বেগ ভেকুলী। জব্দকৃত ভেকুলীখিনিৰ ওজন প্ৰায় ৫০০ কেজি হ'ব বুলি অনুমান কৰে।

Frog Smuggling : লামডিং ষ্টেছনৰ ৫ নং প্লেটফৰ্মৰ জিৰণি চ'ৰাৰ পৰা উদ্ধাৰ কৰে  ২০ বেগ ভেকুলী। জব্দকৃত ভেকুলীখিনিৰ ওজন প্ৰায় ৫০০ কেজি হ'ব বুলি অনুমান কৰে।

  • Share this:
ৰাজ্যত কয়লা, চুপাৰী, গৰুৰ বেহাৰ লগতে কুকুৰ চোৰাং বেহাৰ পিছত শেহতীয়াকৈ সঘনাই পোহৰলৈ আহিছে ভেকুলীৰ চোৰাং (Frog Smuggling) বেহা। আচৰিত ধৰণে একাংশ মহিলাৰ গেং এই ভেকুলীৰ চোৰাং বেহাত জৰিত হৈ থকাৰ তথ্যও পোহৰলৈ আহিছে।

হোজাই (Hojai) জিলাত সক্ৰিয় হৈ আছে এই মহিলা 'ভেকুলী গেং'। এই ভেকুলী গেঙত জড়িত আছে নগা মহিলা (Naga Lady)। হোজাই জিলাৰ পৰা চোৰাং ভেকুলী সৰবৰাহ হৈ আছে ডিমাপুৰলৈ। ইয়াৰ মাজতে লামডিঙত ৰে'ল সুৰক্ষা বাহিনীৰ নিয়মীয়া তালাচীত ধৰা পৰিছে বৃহৎ সংখ্যক ভেকুলী।

দুগৰাকী নগা মহিলাই চোৰাংভাৱে অসমৰ পৰা ভেকুলী ডিমাপুৰ (Dimapur)লৈ নিয়াৰ বাবে ৰে'লৰ অপেক্ষা কৰি থকাৰ সময়ত RPFএ ভেকুলীখিনি উদ্ধাৰ কৰে । লামডিং ষ্টেছন (Lumding Station)ৰ ৫ নং প্লেটফৰ্মৰ জিৰণি চ'ৰাৰ পৰা উদ্ধাৰ কৰে  ২০ বেগ ভেকুলী। জব্দকৃত ভেকুলীখিনিৰ ওজন প্ৰায় ৫০০ কেজি হ'ব বুলি অনুমান কৰে। ইফালে ৰে'ল সুৰক্ষা বাহিনীয়ে ভেকুলীখিনি জব্দ কৰিবলৈ লওতে নগা মহিলা দুগৰাকীয়ে বাৰম্বাৰ বাধা দিয়াৰ চেষ্টা কৰে যদিও পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষীৰ এটা দল উপস্থিত হোৱাত ভেকুলী ভৰ্তি বেগবোৰ এৰি আঁতৰি যায়।  ৰে'ল আৰক্ষীয়ে জব্দকৃত ভেকুলী খিনি লামডিং বন বিভাগক চমজাই দিয়ে। জানিব পৰা মতে ভেকুলী সৰবৰাহৰ সামত পুৰুষৰ সমানে নাগা মহিলাসকলো জৰিত হৈ পৰিছে।

শেহতীয়া বাতৰি