নতুন দিল্লী ৰে'লৱে ষ্টেচনৰ এটা কোঠাত দুজন ৰে'লৱে কৰ্মচাৰীয়ে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কোঠাটোৰ বাহিৰত পহৰা দি থকা দুজন সুৰক্ষাকৰ্মীসহ চাৰিজনকৈ ৰে'ল কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ৰে'লৱে কৰ্তৃপক্ষই জনোৱা অনুসৰি চাৰিওজন অভিযুক্তই বৈদ্যুতিক বিভাগত কাম কৰে।
শুকুৰবাৰে ৮-৯ নং প্লেটফৰ্মত পোৱা মহিলাগৰাকীয়ে ৰে'লৱে বিষয়াসকলক তেওঁক কৰা নিৰ্যাতনৰ কথা বৰ্ণনা কৰে আৰু তেওঁলোকে ৰে'ল সুৰক্ষা বাহিনীক (আৰপিএফ) অৱগত কৰে বুলি জনা গৈছে।
মহিলাগৰাকীয়ে বিষয়াসকলক জনোৱা অনুসৰি তেওঁ যোৱা এবছৰ ধৰি তেওঁৰ স্বামীৰ পৰা পৃথক হৈ আছে আৰু বিবাহ বিচ্ছেদৰ বাবে আদালতৰ গোচৰত জড়িত হৈ আছে। প্ৰায় দুবছৰ আগতে, মহিলাগৰাকী এজন সাধাৰণ বন্ধুৰ জৰিয়তে এজন পুৰুষৰ সংস্পৰ্শলৈ আহিছিল। মানুহজনে নিজকে এজন ৰে'লৱে কৰ্মচাৰী বুলি চিনাকি দি মহিলাগৰাকীক এটি চাকৰিৰ ব্যৱস্থা কৰি দিয়াৰো প্ৰলোভন দিছিল বুলি মহিলাগৰাকীয়ে অৱগত কৰে।
ঘটনাটোৰ বিৱৰণ অনুসৰি, তেওঁলোক দুয়োজনে ফোনত কথা পাতি আছিল। ৰে'লৱে কৰ্তৃপক্ষৰ মতে, ২১ জুলাইত অভিযুক্তজনে তেওঁক তেওঁৰ পুত্ৰৰ জন্মদিন উদযাপন কৰিবলৈ আৰু নতুন ঘৰ কিনাৰ বাবে এটা পাৰ্টিৰ বাবে তেওঁৰ ঘৰলৈ আমন্ত্ৰণ জনায়। তেওঁ মহিলাগৰাকীক নিশা প্ৰায় ১০.৩০ বজাত কীৰ্তি নগৰ মেট্ৰ' ষ্টেচনৰ পৰা তুলি লৈ গৈছিল আৰু ৰেল ষ্টেচনৰ ৮-৯ নং প্লেটফৰ্মলৈ লৈ আহিছিল। তেওঁ মহিলাগৰাকীক বৈদ্যুতিক ৰক্ষণাবেক্ষণ কৰ্মচাৰীৰ বাবে থকা এটা কোঠাত বহিবলৈ কৈছিল বুলি নেচনেল ট্ৰান্সপৰ্টাৰে অৱগত কৰিছে।
পৰৱৰ্তী সময়ত মানুহজন তেওঁৰ বন্ধুৰ সৈতে কোঠাটোলৈ আহিছিল আৰু ভিতৰৰ পৰা ইয়াক বন্ধ কৰি দিছিল। দুয়োজন ব্যক্তিয়ে মহিলাগৰাকীক বহুসময় যৌন নিৰ্যাতন কৰিছিল। অভিযুক্তজনৰ দুজন সহযোগীয়ে কোঠাটো বাহিৰৰ পৰা পহৰা দি নিৰ্যাতনত সুবিধা প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে। চাৰিওজন অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক স্থানীয় আদালতত হাজিৰ কৰোৱা হয় আৰু অভিযুক্ত ব্যক্তি দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি ৰে'লৱে কৰ্তৃপক্ষই জানিব দিছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|