• Home
  • »
  • News
  • »
  • crime
  • »
  • Nagaon | Drugs : ম'হখুলিৰ কুখ্যাত ড্ৰাগছ মাফিয়া ৰজত আলী ওৰফে মুন্নাৰ ঘৰত অভিযান, হেৰ'ইনসহ উদ্ধাৰ পিষ্টল

Nagaon | Drugs : ম'হখুলিৰ কুখ্যাত ড্ৰাগছ মাফিয়া ৰজত আলী ওৰফে মুন্নাৰ ঘৰত অভিযান, হেৰ'ইনসহ উদ্ধাৰ পিষ্টল

ড্ৰাগছৰ বিৰুদ্ধে জোনমণি ৰাভাৰ সফল অভিযান

ড্ৰাগছৰ বিৰুদ্ধে জোনমণি ৰাভাৰ সফল অভিযান

ড্ৰাগছৰ বিৰুদ্ধে জোনমণি ৰাভাৰ সফল অভিযান

  • Share this:

সমগ্ৰ নগাঁও জিলাখন ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে। জিলাখনৰ অলিয়ে গলিয়ে ড্ৰাগছ উপলব্ধ হৈ পৰিছে। এনেদৰে ড্ৰাগছ আসক্ত আৰু ইয়াৰ লগত জড়িত ব্যৱসায়ীৰ সাম্ৰাজ্য বৃদ্ধি পোৱাৰ লগে লগে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে।


অৱশ্যে ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে আজি পুৱা নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে চহৰখনৰ নাতিদূৰৰ ম'হখুলিৰ কুখ্যাত ড্ৰাগছ মাফিয়া ৰজত আলী ওৰফে মুন্নাৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰাৰ লগতে ফেক্টৰীত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, তিনি ৰাউণ্ড সজীৱ গুলী আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।


আৰক্ষীয়ে চলোৱা অভিযানৰ উমান পাই ড্ৰাগছ মাফিয়া ৰজত আলী আৰু তেওঁৰ পিতৃ বিলাল উদ্দিনে ঘৰৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত ৰজত আলীৰ পৰিয়ালৰ দুগৰাকী মহিলাসহ তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক তিনিজন হৈছে ক্ৰমে-ফৰিদা বেগম, তেওঁৰ পুত্ৰ-বোৱাৰী ৰুবিনা বেগম আৰু পুত্ৰ ইক্ৰামূল হক।


উল্লেখ্য যে কুখ্যাত ড্ৰাগছ মাফিয়া ৰজত আলী ওৰফে মুন্না আৰু পিতৃ বিলাল উদ্দিনে পৰিয়াল একাংশ লোকৰ সহযোগত নগাঁৱত  নিষিদ্ধ ড্ৰাগছৰ ক'লা সাম্ৰাজ্য গঢ়ি তুলিছিল। এই পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি এই ক'লা ব্যৱসায় অব্যাহত ৰাখিছিল। দৈনিক প্ৰায় লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ বিক্ৰী কৰি আহিছিল বুলি স্থানীয় এক সূত্ৰে জানিব পৰা গৈছে।


এই ৰজত আলী ইমানেই প্ৰতিপত্তিশালী হৈ পৰিছে যে কম দিনৰ ভিতৰত দুখনকৈ ট্ৰেক্টৰ, দুখন দুচকীয়া বাহন ক্ৰয় কৰাৰ লগতে ইতিমধ্যে কেইবালক্ষ টকা মূল্যৰ মাটি-সম্পত্তি ক্ৰয় কৰিবলৈ সক্ষম হোৱাৰ অভিযোগ উঠিছে।


সেয়ে এই পৰিয়ালটোৱে ড্ৰাগছৰ ক'লা সাম্ৰাজ্যৰে বিশাল সম্পত্তিৰ গৰাকী কেনেকৈ হ'ল তাৰ ওপৰত তদন্ত চলাবলৈ দাবী জনাইছে সচেতন মহলে। নগাঁও আৰক্ষীয়ে ধৃত লোককেইজনক অধিক তথ্য উদঘাটনৰ বাবে জেৰা চলাই থকাৰ লগতে পলাতক ৰজত আলী আৰু বিল্লালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।


 উল্লেখযোগ্য যে ড্ৰাগছ ব্যৱসায়ৰ জৰিয়তে ম'হখুলিত সম্পত্তিৰ পাহাৰ গঢ়িছিল মুন্না আৰু বিল্লালে। কম দিনৰ ভিতৰতে  দুখনকৈ ট্ৰেক্টৰ, মাটি-সম্পত্তি ক্ৰয়  কৰা এই দুই পিতা-পুত্ৰৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবেও চৰকাৰক অনুৰোধ জনাইছে ম'হখুলিৰ স্থানীয় ৰাইজে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি