মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Cattle Smuggling : ৰাজ্যত বানৰ ভয়াৱহ পৰিৱেশৰ মাজতো চলি আছে গৰুৰ চোৰাং সৰবৰাহ, ৰহাত জব্দ ২০টা

Cattle Smuggling : ৰাজ্যত বানৰ ভয়াৱহ পৰিৱেশৰ মাজতো চলি আছে গৰুৰ চোৰাং সৰবৰাহ, ৰহাত জব্দ ২০টা

ৰহা আৰক্ষীয়ে ৰহা টোলগেট কৰ্তৃপক্ষৰ সহযোগত টোলগেটত জব্দ কৰে এই  গৰু

ৰহা আৰক্ষীয়ে ৰহা টোলগেট কৰ্তৃপক্ষৰ সহযোগত টোলগেটত জব্দ কৰে এই গৰু

  • Share this:
বানৰ ভয়াৱহ পৰিৱেশৰ মাজতো ৰাজ্যত অব্যাহত আছে অবৈধভাৱে গৰু সৰবৰাহ। অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হ'লেও তাৰ মাজতে ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ (Cattle Smuggling at Raha)।

শনিবাৰে পুৱা ৰহা আৰক্ষীয়ে ৰহা টোলগেট কৰ্তৃপক্ষৰ সহযোগত টোলগেটত  দহচকীয়া ট্ৰাকসহ জব্দ কৰে ২০টাকৈ অবৈধ গৰু। আৰক্ষীয়ে লগতে আটক কৰে ৰাকিব নামৰ ট্ৰাকখনৰ চালকক। জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে MN-01-9611।

জানিব পৰা মতে, গৰুকেইটা বোকাখাতৰ পৰা যোৰাবাট হৈ লৈ যোৱা হৈছিল দহচকীয়া ট্ৰাকখনেৰে। কিন্তু ৰহা টোলগেট কৰ্তৃপক্ষৰ সক্ৰিয়তাত ৰহা আৰক্ষীয়ে অবৈধভাৱে সৰবৰাহ কৰা গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ চামগুৰিৰ এজন ব্যক্তিৰ নিৰ্দেশত গৰুকেইটা যোৰহাটলৈ সৰবৰাহ কৰা হৈছিল বুলি চালকগৰাকীয়ে জানিবলৈ দিছে।

শেহতীয়া বাতৰি