আপুনি বাৰু ধনৰ লেনদেনৰ বাবে এ টি এম কাৰ্ড ব্যৱহাৰ কৰি নেকি ? যদি কৰে সাৱধান হ'বলৈ হ'ল। কিয়নো ৰহাত এটিএম প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হ'ল এজন অৱসৰপ্ৰাপ্ত ব্যক্তি।
এটিএম প্ৰৱঞ্চকৰ ক’বলত পৰি ৰহাৰ পূব টোপাকুচিৰ খৰ্গেশ্বৰ বৰদলৈ নামৰ এজন লোকে হেৰুৱালে প্ৰায় ১২লক্ষাধিক টকা। জানিব পৰা মতে নেপকো( NEPCO)ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰকীয়ে যোৱা ২ জুলাইত ৰহাস্থিত পঞ্জাৱ নেচনেল বেংক (PNB)ৰ এ টি এমৰ পৰা টকা উলিয়াইছিল৷সেইসময়তে এ টি এমৰ ভিতৰত ব্যক্তিজনৰ পিচফালে ৰৈ আছিল এজন অচিনাকী যুৱক। টকা উলিওৱা খৰ্গেশ্বৰ বৰদলৈৰ পৰা প্ৰৱঞ্চনাৰে যুৱকজনে এ টি এম কাৰ্ডখন সলাই অন্য এখন এ টি এম কাৰ্ড দি আঁতৰি যায়। দুদিন মানৰ পিচত খৰ্গেশ্বৰ বৰদলৈৰ ম'বাইললৈ টকা উঠোৱাৰ মেছেজ আহে আৰু শনিবাৰে এই সম্পৰ্কত খৰ্গেশ্বৰ বৰদলৈয়ে বেংক মেনেজাৰক অৱগত কৰাত ইতিমধ্যে লোকজনৰ একাউণ্টৰ পৰা বাৰ লাখ তেত্ৰিশ হাজাৰ টকা প্ৰৱঞ্চকে লুটিলে বুলি বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়ে। পিচত লোকজনে এই সন্দৰ্ভত দেওবাৰে ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যে নিজৰ ভুলৰ বাবেই লোকজনে হেৰুৱাবলগীয়া হ'ল কষ্টোপাৰ্জিত বৃহৎ পৰিমাণৰ ধন।
Published by: Kokil Sarma
FIRST PUBLISHED : July 18, 2022, 20:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।