আপোনাৰ বাৰু ব্যৱসায়ীক প্ৰতিষ্ঠান বা দোকান আছে নেকি ? দোকানৰ সামগ্ৰী বিক্ৰী কৰোতে QR Code ব্যৱহাৰ কৰি গ্ৰাহকৰ পৰা ধন লয় নেকি ? তেন্তে সাৱধান হ’ব ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীত এটা প্ৰৱঞ্চকৰ দলে চলাইছে উপদ্ৰৱ ৷ দোকান বা ব্যৱসায়ীক প্ৰতিষ্ঠানত QR Code যোগানৰ নামত ব্যাপক প্ৰৱঞ্চনা চলাইছে ৷ গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰিলে দোকানৰ মালিকৰ একাউন্টৰ পৰিৱৰ্তে প্ৰৱঞ্চক দলটোৰ একাউন্টত টকা সোমায় ৷ অভয়াপুৰীত এনে এক প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে।
অভয়াপুৰীৰ হীৰাপাৰাত বনমালী দাস নামৰ এজন লোকৰ দোকানত দুদিনমান পূৰ্বে ৰাকিবুল হক নামৰ এজন যুৱকে Paytm ৰ QR Code প্ৰদান কৰিছিল ৷ কিন্তু অতি চাতুৰ্যতাৰে যুৱকজনে দোকানী বনমালী দাসক গ্ৰাহকে QR Code ৰ জৰিয়তে টকা দিলে তেওঁৰ পৰিৱৰ্তে ৰাকিবুল হকৰ একাউন্টতহে টকা সুমুৱাৰহে ব্যৱস্থা কৰিছিল। এই প্ৰৱঞ্চনাৰ ঘটনাৰ সম্পৰ্কে অৱগত হোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া অতি কৌশলেৰে দোকানী বনমালী দাসে প্ৰৱঞ্চকৰ দলটোক মাতি আনি অভয়াপুৰী আৰক্ষীক গতাই দিয়ে ৷
উল্লেখ্য যে, ৰাকিবুল হকৰ উপৰিও প্ৰৱঞ্চকৰ দলটোৰ আন দুজন যুৱককো ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱক দুজনৰ নাম ৰফিকুল আৰু জাহাংগীৰ বুলি জানিব পৰা গৈছে ৷ প্ৰৱঞ্চকৰ দলটোৰ পৰা AS 19 J 9246 নম্বৰৰ এখন বাইকো জব্দ কৰা হৈছে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত অভয়াপুৰীৰ আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 25, 2023, 11:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।