• Home
  • »
  • News
  • »
  • crime
  • »
  • Food Delivery Man Arrested: খাদ্য ডেলিভাৰী দিবলৈ আহি ছাত্ৰীক যৌন নিৰ্যাতন ডেলিভাৰী মেনৰ

Food Delivery Man Arrested: খাদ্য ডেলিভাৰী দিবলৈ আহি ছাত্ৰীক যৌন নিৰ্যাতন ডেলিভাৰী মেনৰ

Representative Image

Representative Image

Food Delivery Man Arrested: অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (মহিলাৰ শালীনতা হানি) আৰু ৩৫৪-এ (যৌন নিৰ্যাতন) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

  • Share this:
মহাৰাষ্ট্ৰৰ পুনে চহৰত এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত ৪০ বছৰীয়া খাদ্য ডেলিভাৰী কৰা এজন লোক (Food Delivery Man)ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰে এগৰাকী বিষয়াই এই কথা জনায়। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীগৰাকীয়ে অনলাইন ফুড এপ (Online Food App)ৰ জৰিয়তে ৰেষ্টুৰেণ্টৰ পৰা খাদ্যৰ অৰ্ডাৰ দিয়াৰ পিছতে ১৭ ছেপ্টেম্বৰত কোন্ধৱা অঞ্চলত সংঘটিত হয় এই ঘটনা।

“শনিবাৰে নিশা প্ৰায় ৯ বজাত পাৰ্চেলটো মহিলাগৰাকীক ডেলিভাৰী দিয়াৰ পিছত অভিযুক্ত- ৰায়েছ শেইখে ​​– পানী খাবলৈ বিচাৰিলে। পানী খাই থকাৰ সময়তে তেওঁ মহিলাগৰাকীৰ সৈতে কথা-বতৰা আৰম্ভ কৰিছিল আৰু তেওঁৰ জন্মস্থান আৰু কলেজৰ বিষয়ে সবিশেষ সুধিছিল।’-কোন্ধৱা আৰক্ষী থানাৰ এজন বিষয়াই জনায়।

অভিযুক্ত ফুড ডেলিভাৰী মেনজনে মহিলাগৰাকীক তেওঁক কাকৰ দৰে বুলি ভাবি পাৰে আৰু আৰু কিবা প্ৰয়োজন হ'লে ক’বলৈ কয়। তেওঁ পিছত ফোনতো ছাত্ৰীগৰাকীক মেছেজ কৰিছিল যদিও লগে লগে ডিলিট কৰিছিল বুলি বিষয়াগৰাকীয়ে জনায়।

‘তাৰ পিছত মানুহজনে আৰু এটা পানীৰ গিলাচ বিচাৰিলে আৰু যেতিয়া মহিলাগৰাকীয়ে গিলাচ দিলে তেতিয়া তেওঁৰ হাতত ধৰি নিৰ্যাতন (Molestation) চলোৱাৰ অভিযোগ উত্থাপন হৈছে।’ বিষয়াগৰাকীয়ে কয়, ‘যেতিয়া ছাত্ৰীগৰাকীয়ে এলাৰ্ম বজাইছিল, তেতিয়া অভিযুক্তই পলাই যাবলৈ চেষ্টা কৰিছিল যদিও হাউছিং ছ’চাইটিৰ একাংশ লোকে লোকজনক ধৰি আৰক্ষীক গতাই দিয়ে।’

পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীয়ে আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে। বিষয়াগৰাকীয়ে জনোৱা মতে, অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধি (IPC)ৰ ৩৫৪ (মহিলাৰ শালীনতা হানি) আৰু ৩৫৪-এ (যৌন নিৰ্যাতন) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয় বুলিও আৰক্ষীয়ে লগতে জনায়।
Published by:Manjumoni Borah
First published: