এজন ধৰ্ষণকাৰী শিক্ষকৰ উচিত শাস্তিৰ দাবীত আজি অৰুণাচলৰ পাচিঘাটত ৰাজপথ উত্তাল কৰে হাজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে। যোৱা ২০ আগষ্ট তাৰিখে আবেলি ৫.৩০ বজাত এগৰাকী ১৬ বছৰীয়া ছাত্ৰীক অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ য়াকৰুং গাঁৱৰ নঙ জামোহ (Nong Jamoh) নামৰ এজন ইংৰাজী বিষয়ৰ শিক্ষকে তেওঁৰ চৰকাৰী কোৱাৰ্টাৰত যৌন নিৰ্যাতন কৰে।
জানিব পৰা মতে, শিক্ষকজনে পৰীক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ে আলোচনা কৰাৰ অজুহাতত ছাত্ৰীগৰাকীক মাতি নি তেওঁৰ চৰকাৰী বাসগৃহত ছাত্ৰীগৰাকীক কৰিছিল নিৰ্যাতন। ঘটনা সংঘটিত কৰি লম্পট শিক্ষকগৰাকীয়ে পলায়ন কৰিছিল যদিও ২০ আগষ্টৰ মাজনিশা পৰিয়ালৰ সদস্য আৰু একাংশ সচেতন ব্যক্তিৰ সহায়ত লম্পট শিক্ষকগৰাকীক আটক কৰিছিল অৰুণাচল আৰক্ষীয়ে৷
ইপিনে আজি পুনৰ লম্পট শিক্ষক গৰাকীক উচিত শাস্তি দাবীৰে অৰুণাচল পাচিঘাটস্থিত IGJ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা পূব চিয়াং জিলাৰ উপায়ুক্ত কাৰ্যালয়লৈ বিভিন্ন প্লে কাৰ্ড লৈ এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে৷
Published by: Gautam Barman
FIRST PUBLISHED : August 24, 2022, 21:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।