• Home
  • »
  • News
  • »
  • crime
  • »
  • Prisoner Fled: শিৱসাগৰত আৰক্ষীৰ জিম্মাৰ পৰাই পলাল চোৰ, আদালতৰ চৌহদৰ পৰা পলায়ন 

Prisoner Fled: শিৱসাগৰত আৰক্ষীৰ জিম্মাৰ পৰাই পলাল চোৰ, আদালতৰ চৌহদৰ পৰা পলায়ন 

Prisoner Fled: আজি শুনানিৰ বাবে জিলা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাবলৈ বুলি নিওতেই পলায়ন কৰে।

Prisoner Fled: আজি শুনানিৰ বাবে জিলা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাবলৈ বুলি নিওতেই পলায়ন কৰে।

Prisoner Fled: আজি শুনানিৰ বাবে জিলা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাবলৈ বুলি নিওতেই পলায়ন কৰে।

  • Share this:
শিৱসাগৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালত চৌহদৰ পৰা  আজি বিয়লি এটা আচামী পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পলায়ন কৰা আচামীটোৰ নাম ৰাজা দুৱৰা। চুৰিকাণ্ডৰ গোচৰ সন্দৰ্ভত আদালতত  হাজিৰ কৰাবলৈ নিছিল ৰাজা দুৱৰাক। কিন্তু সেই  সময়তে প্ৰস্ৰাৱ কৰিবলৈ  যোৱাৰ অচিলাৰে মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ চৌহদৰ পৰাই অন্তৰ্ধান হয় ৰাজা দুৱৰা।

উল্লেখযোগ্য যে শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত খাটপথাৰৰ প্ৰয়াত কৃষ্ণ দুৱৰাৰ পুত্ৰ ৰাজা দুৱৰাৰ বিৰুদ্ধে তিনিমাহ পূৰ্বে  সদৰ থানাত  ১৬২/২২ আৰু মহকুমা দণ্ডাধীশ আদালতত ৯১১/২২ নং গোচৰ ৰুজু হৈছিল। চুৰিকাণ্ডত লিপ্ত থকাৰ অভিযোগত সদৰ আৰক্ষীয়ে  ভাৰতীয় দণ্ডবিধিৰ  380ৰ অধীনত গ্ৰেপ্তাৰ কৰি  কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৰাজা দুৱৰাক।

আজি শুনানিৰ বাবে জিলা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাবলৈ বুলি নিওতেই পলায়ন কৰে। ইপিনে আৰক্ষীয়ে পুনৰ ৰাজা দুৱৰাক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰা বুলি সদৰি কৰিছে সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি