• Home
  • »
  • News
  • »
  • crime
  • »
  • Gossaigaon Murder : গোসাঁইগাঁৱত হাতুৰীৰে মূৰত কোবাই অন্তঃসত্ত্বা বোৱাৰীক হত্যা কৰিলে শহুৰেকে, দাবী কৰা টকা দিব নোৱাৰাৰ বাবেই হত্যা

Gossaigaon Murder : গোসাঁইগাঁৱত হাতুৰীৰে মূৰত কোবাই অন্তঃসত্ত্বা বোৱাৰীক হত্যা কৰিলে শহুৰেকে, দাবী কৰা টকা দিব নোৱাৰাৰ বাবেই হত্যা

স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে দীৰ্ঘ দিনৰ পৰা বোৱাৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল। দেওবাৰে বোৱাৰী নুৰজিমা বেগমক পিতৃ পৰিয়ালৰ পৰা ৩০ হাজাৰ টকা আনিবলৈ কৈছিল।

  • Share this:
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত আহমেদপুৰ গাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। যৌতুকৰ টকা নোপোৱাত এগৰাকী বোৱাৰীক হাতুৰীৰে মূৰত মৰিয়াই হত্যা কৰে শহুৰেকে। দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড। শহুৰেকৰ প্ৰহাৰত মৃত্য হোৱা মহিলাগৰাকী গোসাইগাঁও থানাৰ ২নং বুঢ়ীচাটাম গাঁৱৰ নুৰজিমা বেগম (২২)। দুবছৰ পূৰ্বে আহমেদপুৰ গাঁৱৰ মফিজুল আলীৰ সৈতে বুঢ়ীচাটাম গাঁৱৰ নুৰজিমা বেগম বিবাহপাশত আবদ্ধ হৈছিল।

জানিব পৰা মতে, স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে দীৰ্ঘ দিনৰ পৰা বোৱাৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল। দেওবাৰে বোৱাৰী নুৰজিমা বেগমক পিতৃ পৰিয়ালৰ পৰা ৩০ হাজাৰ টকা আনিবলৈ কৈছিল। বোৱাৰীগৰাকীয়ে পিতৃগৃহৰ পৰা যৌতুকৰ টকা আনিব নোৱাৰাৰ বাবে শহুৰেক আৰু স্বামীয়ে বোৱাৰীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হয়। কাজিয়াৰ সময়ত শহুৰেকে হাতুৰীৰে মূৰত কোবাই নুৰজিমা বেগমৰ হত্যা কৰে বুলি পিতৃ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।

স্বামী পৰিয়ালৰ যৌতুকৰ বলি হোৱা নুৰজিমা বেগম মৃত্যুৰ সময়ত তিনি মাহৰ অন্তঃসত্ত্বা আছিল। সম্প্ৰতি ভাওৰাগুৰি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি থানালৈ আনিছে। ইতিমধ্যে ভাওৰাগুৰি আৰক্ষীয়ে স্বামী মফিজুল আলীক আটক কৰিছে। আনহাতে হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছে শহুৰেক কোৰবান আলীয়ে।
Published by:Sanjay Kumar Das
First published: