মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»এছপি অফিচত বাইকৰ মেলা, পালছাৰ, গ্লেমাৰ, স্প্লেণ্ডাৰ আৰু স্কুটীও পাব মন পছন্দৰ।

এছপি অফিচত বাইকৰ মেলা, পালছাৰ, গ্লেমাৰ, স্প্লেণ্ডাৰ আৰু স্কুটীও পাব মন পছন্দৰ।

News18 Assam | News18-Assam
Updated:July 9, 2021, 3:56 PM IST
এছপি অফিচত বাইকৰ মেলা, পালছাৰ, গ্লেমাৰ, স্প্লেণ্ডাৰ আৰু স্কুটীও পাব মন পছন্দৰ।
চিৰাঙত  পুনৰ চুৰি বাইক উদ্ধাৰ ৷ চুৰি বাইকৰে ভৰিছে চিৰাং আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷

চিৰাঙত  পুনৰ চুৰি বাইক উদ্ধাৰ ৷ চুৰি বাইকৰে ভৰিছে চিৰাং আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷

  • Share this:
চিৰাং জিলাত আৰক্ষীয়ে পুনৰ  ৩০খন চুৰি বাইক উদ্ধাৰ কৰিছে ৷ ৮ দিনৰ ভিতৰত উদ্ধাৰ হৈছে ৩০ খন চুৰি বাইক ৷  জিলাখনৰ পাণবাৰী, ৰুণীখাটা আৰু ঢালিগাঁও থানাৰ বিভিন্ন অঞ্চলত  ত্ৰিশখন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে ২২টা চোৰক গ্ৰেপ্তাৰ কৰিছে ৷

চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বি টি আৰ(BTR) আৰক্ষীৰ বিশেষ শাখাৰ  সঞ্চালক ড০ এল আৰ বিষ্ণয়ে এক সংবাদ মেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে | চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত জিলাখনৰ ঢালিগাঁও, ৰুণীখাটা আৰু পাণবাৰী থানাৰ আৰক্ষী বিষয়াসকলক লগত লৈ জিলাখনৰ ভিন ভিন ঠাইত চুৰি হোৱা ৩০ খনকৈ দুচকীয়া বাহন উদ্ধাৰ কৰে ৷ চুৰি হোৱা দুচকীয়া বাহন সমূহৰ ভিতৰত পালছাৰ বাইকেই বেছি যদিও গ্লেমাৰ, স্প্লেণ্ডাৰ আৰু স্কুটীও আছে |

ড০ এল আৰ বিষ্ণয়ে কয় , উদ্ধাৰ হোৱা চুৰি বাইকসমূহ জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা চুৰ কৰি উত্তৰাঞ্চলৰ সীমান্ত অঞ্চলত বিক্ৰি কৰিছিল চোৰৰ দলে । উল্লেখযোগ্য যে  যোৱা ২৯ জুনতো জিলাখনত ৩৬ খন চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ কৰা হৈছিল।

চিৰাং আৰক্ষীয়ে বিগত ১৮ দিনত সৰ্বমুঠ ৬৬ খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি, বঙাইগাঁও, অভয়াপুৰী, ঢালিগাঁও আদি অঞ্চলৰ পৰা বাইক সমূহ চুৰি হোৱা বুলিও বিষয়া সকলে জানিবলৈ দিয়ে | যোৱা দহ দিনত ৩৬ খন চুৰি বাইক উদ্ধাৰ কৰাৰ উপৰি ১৯  জন বাইক চোৰক গ্ৰেপ্তাৰ কৰিছে | চুৰি বাইকসমূহ এম বাথাৰ নেতৃত্বত থকা উগ্ৰপন্থী এন এল এফ বিলৈও ব্যৱহাৰৰ বাবে গৈছে বুলি মত ব্যক্ত কৰে শীৰ্ষ আৰক্ষী বিষয়া ড০ এল আৰ বিষ্ণয়ে।

বাইক চুৰি সন্দৰ্ভত আৰক্ষীয়ে অচিৰেই এটা মোবাইল এপ (App) মুকলি কৰিব বুলি জনায়। এই এপৰ জড়িয়তে কোনো লোকৰ বাইক চুৰি হোৱাৰ লগে লগে নম্বৰটো এপত প্ৰদান কৰিলে আৰক্ষীয়ে সহজতে চুৰি বাইক উদ্ধাৰত সহায় হ'ব ৷ আৰক্ষীৰ শীৰ্ষ বিষয়া জনে কোনো লোকে মটৰ চাইকেল কিনিব বিচাৰিলে পোনতে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় আৰু আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় ৷
Published by: Manjumoni Borah
First published: July 9, 2021, 3:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি