Huge Tobacco Seized: গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দকৰা ধঁপাতৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা। জব্দকৃত ধঁপাতৰ লগত চাৰিজনক আটক আৰক্ষীৰ।
Huge Tobacco Seized: গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দকৰা ধঁপাতৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা। জব্দকৃত ধঁপাতৰ লগত চাৰিজনক আটক আৰক্ষীৰ।
অবৈধ গৰু, ম'হৰ সৰবৰাহ, ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ লগতে ৰাজ্যত আকৌ গঢ় লৈ উঠিছে ধঁপাত (Tobacco)ৰ ভয়ংকৰ ছিণ্ডিকেট। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা কৰ ফাকিৰে অসমৰ মাজেদি সৰবৰাহ কৰিছে ধঁপাত। অসম চৰকাৰক দিব লগা কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি একাংশ ধঁপাত মাফিয়াই অব্যাহত ৰাখিছে ধঁপাতৰ ছিণ্ডিকেট।
ধঁপাতৰ ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে সৰৱ হৈ থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শিমূলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই পশ্চিম বংগ (Wes Bengal)ৰ কোঁচবিহাৰ জিলাৰ দিনহাটাৰ পৰা অসমৰ মাজেৰে গৈ থকা সময়ত ধঁপাত কঢ়িওৱা দুখন ট্ৰাক জব্দ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অসম বংগ সীমান্তবৰ্তী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে অবৈধ ভাবে লৈ অনা ধঁপাত ভৰ্তি দুখন ট্ৰাক।
উল্লেখ্য যে, পশ্চিম বংগৰ দিনহাটাৰ জীৱন, ভোলা আৰু অংকুৰ নামৰ তিনি ধঁপাত ব্যৱসায়ীয়ে পশ্চিম বংগৰ দিনহাটাৰ পৰা তিনিচুকীয়ালৈ বুলি ধঁপাতখিনি কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে। ধঁপাত কঢ়িওৱা ট্ৰাক দুখনৰ পৰা আটকাধীন লোককেইজন হৈছে পশ্চিম বংগৰ কোঁচবিহাৰ জিলাৰ জামিনুৰ মিয়া, মনিৰুল হক, আমিনুৰ ইছলাম আৰু ধুবুৰীৰ জিলাৰ গোলকগঞ্জ থানাৰ মুখলেছুৰ ৰহমান। আনহাতে জব্দকৃত ধপাঁতখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|