Crime : মণিপুৰলৈ যোৱাৰ পথত মাজবাটৰ পৰাই অন্তৰ্ধান লোহাৰ ৰডভৰ্তি ট্ৰাক। AIUDF নেতাৰ দোকানত ওলাল চুৰি ৰড।

News18 Assam | News18-Assam
Updated:June 13, 2021, 9:16 PM IST
Crime : মণিপুৰলৈ যোৱাৰ পথত মাজবাটৰ পৰাই অন্তৰ্ধান লোহাৰ ৰডভৰ্তি ট্ৰাক। AIUDF নেতাৰ দোকানত ওলাল চুৰি ৰড।
ফেকামাৰী বজাৰৰ ফাৰহানা এণ্টাৰপ্ৰাইজত জব্দ কৰে ২ টন চুৰি ৰড। দোকানৰ মালিক মফিজুৰ ৰহমান হৈছে AIUDF দলৰ নেতা।

ফেকামাৰী বজাৰৰ ফাৰহানা এণ্টাৰপ্ৰাইজত জব্দ কৰে ২ টন চুৰি ৰড। দোকানৰ মালিক মফিজুৰ ৰহমান হৈছে AIUDF দলৰ নেতা।

  • Share this:
উত্তৰ গুৱাহাটীৰ পৰা ৰড কোম্পানীৰ মালবাহী ট্ৰাক হাইজেক কৰি এক চক্ৰই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলাইছে চোৰাং ৰডৰ বৃহৎ বিক্ৰী চক্ৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰীত দেওবাৰে  উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ এটা দলে অভিযান চলাই ২ টন  চুৰি ৰড  উদ্ধাৰ কৰাৰ পাছত সৃষ্টি হৈছে  চাঞ্চল্যৰ।

গুৱাহাটীৰ পৰা আহি জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত ফেকামাৰী বজাৰত থকা ফাৰহানা এন্টাৰপ্ৰাইজ নামৰ দোকান এখনত  অভিযান চলাই জব্দ কৰে ২ টন  চুৰি ৰড।

ফাৰহানা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী AIUDF দলৰ ফেকামাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীৰ অভিযানৰ উমান পাই ফাৰহানা এন্টাৰপ্ৰাইজৰ স্বাত্বাধিকাৰী মাফিজুৰ ৰহমান পলায়ন কৰা বুলি স্থানীয় ৰাইজে নিশ্চিত কৰে। দোকানৰ মালিকক নাপাই  কৰ্মচাৰী বাবুক উত্তৰ গুৱাহাটী আৰক্ষীয়ে আটক কৰে।

জানিব পৰা মতে  MS WIRE CORPORATION নামৰ ৰডৰ  কোম্পানীটোৰ পৰা যোৱা ২৪ মে'ত কেইবাট্ৰাক ৰড মণিপুৰলৈ প্ৰেৰণ কৰিছিল। কিন্ত তাৰ মাজৰ পৰা এখন ৰডভৰ্তি ট্ৰাক মাজপথৰ পৰা উধাও হৈছিল।

আৰক্ষীয়ে তদন্ত কৰি ৰডভৰ্তি ট্ৰাকখন মানকাচৰলৈ নিয়া বুলি নিশ্চিত হয়। আৰক্ষীয়ে গাড়ীৰ চালক তথা মালিকসহ আন কেইবাজনক গ্ৰেপ্তাৰ কৰি জেৰাৰ পিছত জে'ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে পূৰ্বতেও ছিমেণ্ট ভৰ্তি ট্ৰাক এখন এই অঞ্চললৈ আনি এইখন দোকানতে বিক্ৰীৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। এই তথ্যৰ ভিত্তিতে অনুসন্ধান কৰি ফাৰহানা এণ্টাৰপ্ৰাইজত অভিযান চলাই ৰডখিনি জব্দ কৰে।
Published by: Manjumoni Borah
First published: June 13, 2021, 9:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি