• Home
  • »
  • News
  • »
  • crime
  • »
  • Wine Truck Seized in Sagalia : মাকৈৰ তলত মদ ! আৰক্ষীও নহয় কম পানীৰ মাছ, ৬১০ কাৰ্টন বিলাতী সুৰাৰ সৈতে ট্ৰাক জব্দ।

Wine Truck Seized in Sagalia : মাকৈৰ তলত মদ ! আৰক্ষীও নহয় কম পানীৰ মাছ, ৬১০ কাৰ্টন বিলাতী সুৰাৰ সৈতে ট্ৰাক জব্দ।

আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই ৬১০ কাৰ্টনত ১৭,১২৪ বটল বিলাতী সুৰা উদ্ধাৰ কৰে। জব্দ সুৰাখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা।

আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই ৬১০ কাৰ্টনত ১৭,১২৪ বটল বিলাতী সুৰা উদ্ধাৰ কৰে। জব্দ সুৰাখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা।

আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই ৬১০ কাৰ্টনত ১৭,১২৪ বটল বিলাতী সুৰা উদ্ধাৰ কৰে। জব্দ সুৰাখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা।

  • Share this:
    ৰাজ্য চৰকাৰে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ সময়তে ৰাজ্যজুৰি আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান ৷ ইয়াৰ মাজতে অসম বংগ সীমান্তত ছাগলীয়া আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হ'ল অৰুণাচলৰ এক ট্ৰাক অবৈধ সুৰা ৷

    অৰুণাচলৰ পৰা AP-16-TW-1755 নম্বৰৰ ট্ৰাকখন ছাগলীয়া পাৰ হৈ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত প্ৰবেশ কৰাৰ সময়তে নিৰ্ভৰযোগ্য  সুত্ৰৰ আধাৰত অভিযান চলাই সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰিৱলৈ সক্ষম হয় ছাগলীয়া আৰক্ষী ৷

    ট্ৰাকখনৰ ওপৰত মাকৈ আৰু কিছু পেলনীয়া কাৰ্টেনেৰে ঢাকি সুৰা খিনি গুৱাহাটিৰ পৰা আনি অসম বংগ সীমান্তৰ ছাগলীয়াত উপস্থিত হয় ৷ গুৱাহাটীৰ পৰা বিহাৰৰ মুজফ্ফৰপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন । ছাগলীয়াৰ সীমা পাৰ হোৱাৰ পূৰ্বে ট্ৰাকখন জব্দ কৰি উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ সুৰাখিনি ৷

    ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজি শৰ্মা আৰু আৰক্ষী চক্ৰ বিষয়া প্ৰাণজিত দাসৰ উপস্থিতিত  আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই ৬১০ কাৰ্টনত ১৭,১২৪ বটল বিলাতী সুৰা উদ্ধাৰ কৰে। জব্দ সুৰাখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা।

    ছাগলীয়া আৰক্ষীয়ে  ট্ৰাকখনৰ চালক নিলেশ কুমাৰ আৰু খালাচি গৌৰৱ মৰীয়াক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক দুজনৰ ঘৰ উত্তৰ প্ৰদেশত  বুলি জানিব পৰা গৈছে।
    Published by:Manjumoni Borah
    First published: