মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Bangladesh's Sukhi Tablet: বাংলাদেশৰ 'সুখী' আনি এতিয়া দুখী অসমৰ ছামছুল। ৰঙাঘৰত মোমায়েক, প্ৰাণৰ মমতাত পলাতক সুখৰ বেপাৰী

Bangladesh's Sukhi Tablet: বাংলাদেশৰ 'সুখী' আনি এতিয়া দুখী অসমৰ ছামছুল। ৰঙাঘৰত মোমায়েক, প্ৰাণৰ মমতাত পলাতক সুখৰ বেপাৰী

News18 Assam | News18-Assam
Updated:September 11, 2021, 3:06 PM IST
Bangladesh's Sukhi Tablet: বাংলাদেশৰ 'সুখী' আনি এতিয়া দুখী অসমৰ ছামছুল। ৰঙাঘৰত মোমায়েক, প্ৰাণৰ মমতাত পলাতক সুখৰ বেপাৰী
Bangladesh's Sukhi Tablet: আজি ধুবুৰী আৰক্ষীৰ অভিযানত ৮ বস্তা সুখী টেবলেট জব্দ হয়। আৰক্ষীৰ অভিযানত এজন আটক কিন্তু পলাতক মাষ্টৰ মাইন্ড।

Bangladesh's Sukhi Tablet: আজি ধুবুৰী আৰক্ষীৰ অভিযানত ৮ বস্তা সুখী টেবলেট জব্দ হয়। আৰক্ষীৰ অভিযানত এজন আটক কিন্তু পলাতক মাষ্টৰ মাইন্ড।

  • News18 Assam
  • Last Updated: September 11, 2021, 3:06 PM IST
  • Share this:
ছামছুল হকে বাংলদেশৰ সুখ বিলাব বিচাৰিছিল অসমত। কিন্তু সুখৰ বেপাৰীৰ নিজৰেই এতিয়া দুখৰ উপৰি দুখ! শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই বাস্তৱ। নামনি অসমৰ বিভিন্ন চৰ অঞ্চলত বাংলাদেশৰ 'সুখী' টেবলেটৰ চোৰাং কাৰবাৰ কৰি ছামছুল হকে পলাইহে হাত সাৰিছে আৰক্ষীৰ।

বাংলাদেশ (Bangladesh)ৰ বৰ্দ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সেই দেশত চৰকাৰী শুলভ মূল্যত বিতৰণ কৰা হয় গৰ্ভ নিৰোধক (Contraceptive Tablet) ঔষধ 'সুখী' (Sukhi Tablet) টেবলেট। কিন্তু বাংলাদেশৰ এচাম দুষ্ট চক্ৰই বাংলাদেশৰ আৰক্ষী প্ৰসাশনৰ চকুত ধুলি দি সেয়া নামনি অসমৰ বিভিন্ন চৰাঞ্চলত চোৰাংকৈ বিক্ৰী কৰি কোটি টকীয়া ব্যৱসায় চলাই আছে।

তেনে এক খবৰৰ ভিত্তিত আজি ধুবুৰী (Dhubri) আৰক্ষীয়ে চহখনৰ  নিউঘাটত অঞ্চলত  অভিযান চলায়। এই অভিযানতে নিউঘাটৰ ছামচুল হকৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ বাংলাদেশী 'সুখী' টেবলেট।

জানিব পৰা মতে বাংলাদেশৰ পৰা একাংশ চোৰাং বেপাৰীয়ে 'সুখী' টেবলেট আনি নিউঘাটৰ ছামছুল হকৰ ঘৰত জমা ৰাখে। ইয়াৰ পিছত ছামছুল হকে নামনি অসমৰ কেইবাখনো জিলাৰ গাঁও আৰু চৰাঞ্চলত  বিক্ৰী কৰে  বাংলাদেশৰ 'সুখী' টেবলেট।

উল্লেখযোগ্য যে 'সুখী' হৈছে  বাংলাদেশৰ এবিধ গৰ্ভ নিৰোধক টেবলেট। আজি আৰক্ষীৰ অভিযানত মুঠ  ৮ বস্তা সুখী টেবলেট জব্দ হয় । ব্ৰয়লাৰৰ দানাৰ বস্তাত লুুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় এই বিদেশী টেবলেটসমূহ।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত মোজাম্মেল হক নামৰ এজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজন ব্যবসায়ৰ মুল মাষ্টৰ মাইণ্ড  ছামছুল হকৰ মোমায়েক বুলি জানিব পৰা গৈছে। ধৃত মোজাম্মেলৰ ঘৰ ধুবুৰীৰ আয়ৰনজংগা ৩য় খণ্ড গাঁৱত। সম্প্রতি ধুবুৰী আৰক্ষীয়ে ধৃত মোজাম্মেল হকক জেৰা অব্যাহত ৰাখাৰ  লগতে চোৰাং 'সুখী'ৰ নেটৱৰ্কটোক উৎখ্যাত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে বুলি ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়ে।
Published by: Manjumoni Borah
First published: September 11, 2021, 3:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি